ETV Bharat / state

বকোৰ লাম্পীত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া - মৃণাল শইকীয়া

গুৱাহাটীৰ সমীপৱৰ্তী বকোৰ লাম্পীত উপস্থিত হয় খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ৷ দেওবাৰে লাম্পী আৰক্ষী পহৰা চকীলৈ গৈ বিধায়ক গৰাকীয়ে সীমান্তত হৈ থকা বিভিন্ন সমস্যাৰ বুজ লয় বুলি সদৰি কৰে ।

মৃণাল শইকীয়া
বকোৰ লাম্পীত উপস্থিত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া
author img

By

Published : Aug 4, 2020, 9:20 AM IST

বকো, 4 আগষ্টঃ গুৱাহাটী মহানগৰৰ পৰা কিছুদূৰ নিলগত অৱস্থিত এক সুন্দৰ মনমোহা স্থান হৈছে লাম্পী । সুন্দৰ প্ৰাকৃতিক পৰিৱেশ তথা জলবায়ুৰ আৰ্দ্ৰতাৰ বাবে লাম্পী এতিয়া হৈ পৰিছে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ অসম মেঘালয় সীমান্তত অৱস্থিত বাবেই চৰকাৰৰ দৃষ্টিত এলাগী হৈ থকা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ পৰ্যটনস্থলী লাম্পীত দেওবাৰে তথা 2 আগষ্টত হঠাতে উপস্থিত হয় খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া । লাম্পী আৰক্ষী পহৰা চকীত গৈ বিধায়ক গৰাকীয়ে সীমান্তত হৈ থকা বিভিন্ন সমস্যাৰ বুজ লয় । ইয়াৰ উপৰিও পৰ্যটনৰ দিশত লাম্পীৰ সম্ভাৱনা সন্দৰ্ভত স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে । উল্লেখযোগ্য যে, চৰকাৰৰ নিৰ্লিপ্ততাৰ বাবে বহুক্ষেত্ৰত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চিৰসেউজ লাম্পী উন্নয়নৰ ক্ষেত্ৰত পিছপৰা যদিও ইতিমধ্যে বহু দেশী-বিদেশী পৰ্যটকে উপভোগ কৰি গৈছে লাম্পীৰ সৌন্দৰ্য।

বকোৰ লাম্পীত উপস্থিত খুমটাইৰ বিধায়ক মৃণাল শইকীয়া

চৰকাৰে গুৰুত্ব প্ৰদান কৰিলেই লাম্পীক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব পৰা যাব বুলি বিভিন্ন মহলে মত পোষণ কৰি অহাৰ সময়তে বিধায়ক মৃনাল শইকীয়াৰ লাম্পী ভ্ৰমণত উৎফুল্লিত হৈ উঠিছে অঞ্চলটোৰ ৰাইজ ।

লগতে পঢ়কঃ মাদাৰপুৰ গাঁৱৰ মাজেৰে গতি সলালে আই নদীয়ে : পানীৰ তলত সমগ্ৰ গাঁও

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.