গুৱাহাটী, 27 জুলাইঃ মহানগৰীৰ সমীপৰ ৰাণীস্থিত সীমা সুৰক্ষা বাহিনীৰ কাৰ্গিল বিজয় দিৱস উদযাপন । 1999 চনৰ 26 জুলাইৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধৰ সমাপ্তি ঘটিছিল তাক লৈয়ে 26 পৰা সপ্তাহযুৰা কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে । শনিবাৰে মহানগৰীৰ সমীপৰ ৰাণীস্থিত সীমা সুৰক্ষা বাহিনী (BSF) আৰু এনডিআৰএফয়ে পালন কৰিলে কাৰ্গিল বিজয় দিৱস । পুৱাভাগত খানাপাৰাৰ পৰা ৰাণীৰ সীমা সুৰক্ষা বাহিনীৰ কেন্দ্ৰলৈ মটৰ চাইকেলৰ এক বৃহৎ ৰেলী উলিওৱা হয় জোৱানসকলে । তাৰ পাচতে শ্বহীদ সকলোক স্মৰণ কৰি ভাৰত-পাকিস্থানৰ মাজত হোৱা কাৰ্গিল যুদ্ধৰ তথ্যচিত্ৰও প্ৰদৰ্শন কৰাৰ লগতে সীমা সুৰক্ষা বাহিনীৰো এক তথ্যচিত্ৰ প্ৰদৰ্শন কৰে । অনুস্থানত উপস্থিত থাকে বিএছএফ আৰু এনডিআৰএফৰ বহুতো উচ্চপদস্থ বিষয়াৰ লগতে ৰাণীৰ সীমা সুৰক্ষা বাহিনীৰ কৰ্মকৰ্তাসকল ৷
ৰাণীত উদযাপন কাৰ্গিল বিজয় দিৱস - assam news
পুৱাভাগত খানাপাৰাৰ পৰা ৰাণীৰ সীমা সুৰক্ষা বাহিনীৰ কেন্দ্ৰলৈ মটৰ চাইকেলৰ এক বৃহৎ ৰেলী উলিওৱা হয় জোৱানসকলে
গুৱাহাটী, 27 জুলাইঃ মহানগৰীৰ সমীপৰ ৰাণীস্থিত সীমা সুৰক্ষা বাহিনীৰ কাৰ্গিল বিজয় দিৱস উদযাপন । 1999 চনৰ 26 জুলাইৰ দিনটোতে ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা কাৰ্গিল যুদ্ধৰ সমাপ্তি ঘটিছিল তাক লৈয়ে 26 পৰা সপ্তাহযুৰা কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰি অহা হৈছে । শনিবাৰে মহানগৰীৰ সমীপৰ ৰাণীস্থিত সীমা সুৰক্ষা বাহিনী (BSF) আৰু এনডিআৰএফয়ে পালন কৰিলে কাৰ্গিল বিজয় দিৱস । পুৱাভাগত খানাপাৰাৰ পৰা ৰাণীৰ সীমা সুৰক্ষা বাহিনীৰ কেন্দ্ৰলৈ মটৰ চাইকেলৰ এক বৃহৎ ৰেলী উলিওৱা হয় জোৱানসকলে । তাৰ পাচতে শ্বহীদ সকলোক স্মৰণ কৰি ভাৰত-পাকিস্থানৰ মাজত হোৱা কাৰ্গিল যুদ্ধৰ তথ্যচিত্ৰও প্ৰদৰ্শন কৰাৰ লগতে সীমা সুৰক্ষা বাহিনীৰো এক তথ্যচিত্ৰ প্ৰদৰ্শন কৰে । অনুস্থানত উপস্থিত থাকে বিএছএফ আৰু এনডিআৰএফৰ বহুতো উচ্চপদস্থ বিষয়াৰ লগতে ৰাণীৰ সীমা সুৰক্ষা বাহিনীৰ কৰ্মকৰ্তাসকল ৷
Bite1..IGP
Bite2..NDRF
দক্ষিণ কামৰূপ/আজাৰা পৰা অজয় দাস,etv bharat assam