ETV Bharat / state

স্বচ্ছ অভিযানত নামিল বিধায়ক দিগন্ত কলিতা

কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু কামৰূপৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত বাইহাটা চাৰিআলিত স্বচ্ছ অভিযানৰ কাৰ্যসূচী ।

SWACHA ABHIJAN
কামৰূপ আৰক্ষী আৰু কমলপুৰৰ বিধায়কৰ নেতৃত্বত স্বচ্ছ অভিযান
author img

By

Published : May 20, 2021, 7:58 PM IST

বাইহাটা চাৰিআলি, ২০ মে': নিৰ্বাচনত জয়ী হোৱা বিধায়কসকলে শেহতীয়াকৈ সমষ্টিসমূহত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে । পিছপৰি থকা নাই কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা । পুৱাই হাতত ঝাড়ু লৈ ওলাই আহিল বিধায়কগৰাকী । বাইহাটা চাৰিআলিৰ মাজমজিয়াত স্বচ্ছ অভিযানৰ কাৰ্যসূচীত ভাগ লয় বিধায়কগৰাকীয়ে । কামৰূপৰ আৰক্ষী অধীক্ষকৰ আহ্বানত আয়োজিত এই কাৰ্যসূচীত বিধায়কগৰাকীৰ সৈতে দলৰ বহু কৰ্মীয়ে অংশগ্ৰহণ কৰে ।

কামৰূপ আৰক্ষী আৰু কমলপুৰৰ বিধায়কৰ নেতৃত্বত স্বচ্ছ অভিযান

কামৰূপ আৰক্ষীৰ এই পদক্ষেপৰ বাবে বিধায়কগৰাকীয়ে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে ৰাইজক পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ অনুৰোধ জনায় । ইফালে কৰ'ণা মহমাৰীয়ে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে সামাজিক দূৰত্ব ৰক্ষা কৰি এই স্বচ্ছ অভিযানৰ আয়োজন কৰা হয় । স্বচ্ছ অভিযানৰ মাজতে ৰাইজক কৰ'ণা প্ৰতিষেধক লোৱাৰো আহ্বান জনাই । ইয়াৰোপৰি বাইহাটা চাৰিআলিৰ প্ৰধানত ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ সমস্যা সমাধানৰো আশ্বাস দিয়ে বিধায়ক দিগন্ত কলিতাই।

লগতে পঢ়ক:হিন্দুস্থান ইউনিলিভাৰে যোগান ধৰিলে চিকিৎসা সামগ্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.