ETV Bharat / state

শ্বহীদ পত্নীক অপমানঃ গ্ৰেপ্তাৰ আব্বাছ

author img

By

Published : Jun 26, 2019, 9:21 AM IST

ছাহিল আব্বাছ ওৰফে আব্বাচ ভাটে ফেচবুকত কৰা  অশ্লীল মন্তব্যৰ বিৰুদ্ধে ১৫ জুনত বিহদিয়াৰ ৰমেন বৰুৱা নামৰ এজন বিজেপিৰ কৰ্মকৰ্তাই  কমলপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল ।

শ্বহীদৰ পত্নীক অপমান কৰি কামৰূপ আৰক্ষীৰ জালত কাশ্মীৰি যুৱক

ৰঙিয়া, ২৬ জুন: অৱশেষত গ্ৰেপ্তাৰ হ'ল ছ'চিয়েল মিডিয়াত শ্বহীদ পত্নীৰ বিষয়ে অশালীন মন্তব্য কৰা ছাহিল আব্বাছ ৷ কাশ্মীৰৰ পৰা অসম পুলিছে কাশ্মীৰ সেনা আৰু আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷

শ্বহীদৰ পত্নীক অপমান কৰি কামৰূপ আৰক্ষীৰ জালত কাশ্মীৰি যুৱক

ছাহিল আব্বাছ ওৰফে আব্বাচ ভাটে ফেচবুকত কৰা অশ্লীল মন্তব্যৰ বিৰুদ্ধে ১৫ জুনত বিহদিয়াৰ ৰমেন বৰুৱা নামৰ এজন বিজেপিৰ কৰ্মকৰ্তাই কমলপুৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিতে ১৫৬/১৯ কেচৰ অধীনত আৰু কামৰূপ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃনাল কুমাৰ দাসে নেতৃত্ব দিয়া এটি দলে কাশ্মীৰলৈ গৈ ছাহিলৰ বিৰুদ্ধে অনুসন্ধান চলায় । পৰৱৰ্তী সময়ত আৰক্ষীয়ে ছাহিল আব্বাছক কৰায়ত্ব কৰিবলৈ সক্ষম হয় । আব্বাছক আটক কৰাত আৰক্ষীৰ দলটোক কাশ্মীৰৰ সেনা -আৰক্ষীয়ে সহায় আগবঢ়াইছিল । ইয়াৰ পাচতে কামৰূপ আৰক্ষীয়ে মঙলবাৰে নিশাই ধৃত আব্বাছক দিল্লীৰ পৰা বিমান যোগে গুৱাহাটীলৈ আনি কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰঙিয়ালৈ লৈ আহে । ইপিনে নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যুৱক জনক কমলপুৰ থানাৰ পৰিবৰ্তে ৰঙিয়া থানালৈ অনা হয় । ৰঙিয়ালৈ অনাৰ পাচতে আব্বাছৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । আনহাতে আজি যুৱকজনক আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মাত লোৱাৰ সম্ভৱনা আছে ।

Intro:ফেছবুকত শ্বহীদৰ পত্নীক অপমান কৰা ছাহিল আব্বাছ আৰক্ষীৰ জালতBody:কামৰূপ আৰক্ষীৰ সফল অভিযান।কাশ্মীৰী যুৱক ছাহিল আব্বাছক অনা হ'ল ৰঙিয়ালৈ ।চি অাৰ পি এফ জোৱান ৰঙিয়াৰ পালাৰাৰ শ্বহীদ সুনীল কলিতাৰ লগতে তেওঁৰ পত্নীক ফেচবুকত অশ্লীল মন্তব্য কৰা কাশ্মীৰী যুৱক ছাহিল আব্বাছক কামৰূপ আৰক্ষীয়ে মঙ্গলবাৰে দিল্লীৰ পৰা গুৱাহাটীলৈ বিমান যোগে আনি নিশাই কটকটীয়া নিৰাপত্তাৰ মাজেৰে ৰঙিয়ালৈ লৈ আহে । কাশ্মীৰী যুৱক জনক ৰঙিয়ালৈ অনাৰ পিছতে স্বাস্থ্য পৰীক্ষা কৰা হয় । নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি যুৱক জনক কমলপুৰ থানাৰ পৰিবৰ্তে ৰঙিয়া থানালৈ অনা হয় । আজি যুৱক জনক আদালতত হাজিৰ কৰাই আৰক্ষীৰ জিম্মালৈ অনাৰ সম্ভৱনা আছে ।কাশ্মীৰী যুৱক ছাহিল আব্বাছৰ
বিৰুদ্ধে যোৱা ১৫ জুনত বিহদিয়াৰ ৰমেন বৰুৱা নামৰ এজন বিজেপিৰ কৰ্মকৰ্তাই কমলপুৰ থানাত এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰৰ ভিত্তিত ১৫৬/১৯ কেচৰ অধীনত কামৰূপ আৰক্ষী অধীক্ষকৰ নিৰ্দেশত কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃনাল কুমাৰ দাসৰ নেতৃত্বত এটি দলে কাশ্মীৰত গৈ অনুসন্ধান চলাই ছাহিল আব্বাছ ওৰফে আব্বাচ ভাটক অশেষ কষ্টৰে আটক কৰিবলৈ সক্ষম হয় । ছাহিল আব্বাছক আটক কৰাত আৰক্ষীৰ দলটোক কাশ্মীৰত থকা সেনা -আৰক্ষীয়ে সহায় আগবঢ়ায় ।
ছাহিলক আটক কৰাৰ খবৰ পায় উৎফুল্লিত হৈছে সাধাৰণ ৰাইজ । ৰাইজে আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে । অভিযান সন্দৰ্ভত তদন্ত কাৰী বিষয়া মৃনাল কুমাৰ দাসৰ উপস্থিতিত এইদৰে জনাই শীৰ্ষ আৰক্ষী বিষয়াই ।
Byte : SDPO ,RANGIAConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.