ৰঙিয়া,12 জুন : ৰাজ্যত এতিয়া ড্ৰাগছৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ জিলাই জিলাই ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে আৰক্ষী অধীক্ষক সকল ৷ প্ৰতিদিনে বৃহৎ পৰিমাণৰ ড্ৰাগছৰ লগতে ড্ৰাগছ সৰবৰাহকাৰী (DRUGS PEDDLER) পৰিছে আৰক্ষীৰ জালত ৷
তাৰমাজতে শুকুৰবাৰে নিশা কামৰূপ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পমখেদি খবৰ লাভ কৰি অভিযান চলাই ড্ৰাগছ সৰহবৰাহ কৰাৰ পাঁচটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে প্ৰদীপ চৌধুৰী, দহৰাৰ ৰুবুল আলী, আফচাৰ আলী, জিয়াউৰ ৰহমান আৰু পিতাম্বৰ হাটবজালীৰ চাইদুৰ ৰহমান ।
ইফালে শনিবাৰে দিনৰ ভাগত ড্ৰাগছ সৰবৰাহকাৰী কেইটাক থানা চৌহদৰ পৰা আদালতলৈ নিয়াৰ সময়তে পৰিয়ালৰ লোকে থানাৰ চৌহদত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে । পৰিয়ালৰ সদস্য সকলে দাবী কৰে যে, যদিহে এইসকল লোকে অপৰাধ কৰিছে তেতিয়াহলে আৰক্ষীয়ে তেওঁলোকৰ আগত প্ৰমাণ দাঙি ধৰিব লাগিব ।
উল্লেখযোগ্য যে, আটক হোৱা বসৰবৰাহকাৰী কেইটাৰ ভিৰত এটা সৰহবৰাহকাৰী প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভবেশ কলিতাৰ ঘনিষ্ঠ বুলি জানিব পৰা গৈছে । সম্প্ৰতি এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু আৰক্ষীয়েও সমগ্ৰ বিষয়টোৰ সৰ্ন্দভত ক্ষীপ্ৰতাৰে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷
লগতে পঢ়কঃ ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ এমাহৰ কামৰ খতিয়ান দিলে সুভাষ দত্তই