ETV Bharat / state

চিকিৎসক নাই, ফাৰ্মাচিষ্টত আছে দায়িত্বত ! - ফাৰ্মাচিষ্ট

ছয়গাঁৱত চিকিৎসকৰ অভাৱত ফাৰ্মাচিষ্টেই ল’ব লগীয়া হৈছে চিকিৎসাৰ দায়িত্ব ৷ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত চিকিৎসক গৰাকী সপ্তাহত তিনি চাৰিদিন অনুপস্থিত থাকে যাৰ ফলত ৰোগী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে

ছয়গাঁৱত চিকিৎসক অবিহনে ফাৰ্মাচিষ্টেই চিকিৎসকৰ দায়িত্বত
author img

By

Published : Jul 25, 2019, 10:46 PM IST

ছয়গাঁও, ২৫ জুলাই : চিকিৎসা কেন্দ্ৰত চিকিৎসকৰ অভাৱত ফাৰ্মাচিষ্টে চিকিৎসা প্ৰদান কৰিবলগীয়া হোৱা ঘটনাই ৰাজ্যৰ চিকিৎসা খণ্ডৰ ফোপোলা স্বৰূপটো উদঙাই দিছে ৷ চিকিৎসকৰ সলনি ফাৰ্মাচিষ্টেই চিকিৎসকৰ ভূমিকা পালন কৰা ঘটনাই বৃহস্পতিবাৰে ছয়গাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ছয়গাঁৱৰ মাজ-মজিয়াত অৱস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰে চিকিৎসক গৰাকী নথকাত ৰোগীক চিকিৎসা প্ৰদান কৰে জনৈক মালী উপাধিৰ ফাৰ্মাচিষ্ট গৰাকীয়ে ৷ ফাৰ্মাচিষ্ট গৰাকীয়ে চিকিৎসক নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰোগীক চিকিৎসা কৰা বুলি কোৱাই নহয় চহী অবিহনে প্ৰেছক্ৰিপছন দিয়া বুলিও স্বীকাৰ কৰে ৷ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ফাৰ্মাচিষ্ট গৰাকীয়ে এনেদৰে ৰোগীক চিকিৎসা কৰাৰ লগতে ঔষধো দিয়ে বুলি স্বীকাৰ কৰে ৷

ছয়গাঁৱত চিকিৎসক অবিহনে ফাৰ্মাচিষ্টেই চিকিৎসকৰ দায়িত্বত

অভিযোগ মতে, স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত চিকিৎসক গৰাকী সপ্তাহত তিনি চাৰিদিন অনুপস্থিত থাকে যাৰ ফলত ৰোগী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে ৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে বহু বছৰ ধৰি ছয়গাঁৱৰ মাজ মজিয়াৰ এই খন চিকিৎসালয়ত স্থায়ী চিকিৎসক নাই ৷ ইয়াৰ বিপৰীতে ৫ বছৰৰো অধিক কাল ধৰি এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসকে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আঁচনিৰ অধীনত চিকিৎসক হিচাপে কাম কৰি আছে ৷ কিন্তু চিকিৎসক গৰাকীয়ে প্ৰায়ে অনুপস্থিত থকাত চিকিৎসালয় খনত কৰ্মৰত কৰ্মচাৰী সকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ এই ক্ষেত্ৰত মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসৰ ভূমিকাক ছয়গাঁওবাসী ৰাইজে একেমুখে গৰিহণা দিছে ৷

Intro:ছয়গাঁৱত চিকিৎসকৰ অভাৱ ৷ যাৰ ফলত ফাৰ্মাষ্টিতেই এতিয়া ল’ব লগীয়া হৈছে চিকিৎসকৰ দায়িত্ব ৷ ফাৰ্মাচিষ্টতেই ৰোগী চাই প্ৰদান কৰিছে প্ৰেছক্ৰিপছন ৷Body:ছয়গাঁও ২৫ জুলাই : ৰাজ্যত স্বাস্থ্য কেন্দ্ৰ সমূহ কেনেদৰে চলি আছে তাৰ খবৰ স্বাস্থ্য মন্ত্ৰী জনে ৰাখিছেনে ? যি সময়ত স্বাস্থ্য খণ্ডত ব্যাপক উন্নতি সাধন কৰা বুলি মন্ত্ৰী গৰাকীয়ে সভাই সমিতিয়ে গাই ফুৰিছে সেই সময়তেই কিন্ত ৰাজ্যৰ চিকিৎসা কেন্দ্ৰত চিকিৎসকৰ অভাৱত ফাৰ্মাচিষ্টতেই চিকিৎসা প্ৰদান কৰিবলগীয়া হোৱা ঘটনাই ৰাজ্যৰ চিকিৎসা খণ্ডৰ ফোপোলা স্বৰূপটো পুনৰ উদঙাই দিছে ৷ চিকিৎসকৰ সলনি ফাৰ্মাচিষ্টতেই চিকিৎসকৰ ভূমিকা পালন কৰা এক ঘটনাই বৃহস্পতিবাৰে ছয়গাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ এই ঘটনা সংঘটিত হৈছে ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ছয়গাঁও বৰ্হিঃ বিভাগত ৷ ছয়গাঁৱৰ মাজ মজিয়াত অৱস্থিত ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বৃহস্পতিবাৰে চিকিৎসক গৰাকী নথকাত ৰোগীক চিকিৎসা প্ৰদান কৰে জনৈক মালী উপাধিৰ ফাৰ্মাচিষ্ট গৰাকীয়ে ৷ আৰু এই ঘটনা বৃহস্পতিবাৰে প্ৰতক্ষ্য কৰে ছয়গাঁৱৰ একাংশ সাংবাদিকে ৷ চিকিৎসকৰ অবিহনে ফাৰ্মাচিষ্ট গৰাকীয়ে ৰোগীক চিকিৎসা প্ৰদান কৰা সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ফাৰ্মাচিষ্ট গৰাকীয়ে চিকিৎসক নোহোৱাৰ পৰিপ্ৰেক্ষিতত ৰোগীক চিকিৎসা কৰা বুলি কোৱাই নহয় চহী অবিহনে প্ৰেছক্ৰিপছন দিয়া বুলিও তেওঁ স্বীকাৰ কৰে ৷ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি ফাৰ্মাচিষ্ট গৰাকীয়ে এনেদৰে ৰোগীক চিকিৎসা কৰাৰ লগতে ঔষধো দিয়ে বুলি স্বীকাৰ কৰে ৷ কেৱল বৃহস্পতিবাৰেই নহয় এই গৰাকী ফাৰ্মাচিষ্টে প্ৰায়ে চিকিৎসক গৰাকীৰ অনুপস্থিতিত ৰোগীক চিকিৎসা সেৱা আগবঢ়াই বুলি জানিব পৰা গৈছে ৷ অভিযোগমতে স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত চিকৎসক গৰাকী সপ্তাহত তিনি চাৰিদিন অনুপস্থিত থাকে যাৰ ফলত ৰোগী সকল যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে ৷ তাতোকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে আজি বহু বছৰ ধৰি ছয়গাঁৱৰ মাজ মজিয়াৰ এই খন চিকিৎসালয়ত স্থায়ী চিকিৎসক নাই ৷ ইয়াৰ বিপৰীতে ৫ বছৰৰো অধিক কাল ধৰি এগৰাকী অৱসৰপ্ৰাপ্ত চিকিৎসকে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আঁচনিৰ অধীনত চিকিৎসক হিচাপে কাম কৰি আছে ৷ কিন্ত চিকিৎসক গৰাকীয়ে প্ৰায়ে অনুপস্থিত থকাত চিকিৎসালয় খনত কৰ্মৰত কৰ্মচাৰী সকলৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ ইফালে চিকিৎসালয়ৰ কৰ্মচাৰী সকলে তাত এগৰাকী স্থায়ী চিকিৎসক লাগে বুলি বাৰাম্বাৰ ওপৰ মহলৰ লগতে মহকুমা স্বাস্থ্য বিষয়া গৰাকীক অনুৰোধ জনাই আহিছে যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব আৰোপ কৰা নাই ৷ বিশেষকৈ এই ক্ষেত্ৰত মহকুমা স্বাস্থ্য বিষয়া ডাঃ ৰাধাচৰণ দাসৰ ভূমিকাক ছয়গাঁওবাসী ৰাইজে একে মুখে গৰিহণা দিছে ৷ স্থানীয় একাংশ লোকে অভিযোগ কৰামতে ছয়গাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ তথা মহকুমা স্বাস্থ্য বিষয়া গৰাকীৰ অকৰ্মণ্যতাৰ বাবেই ছয়গাঁৱত স্বাস্থ্য কেন্দ্ৰৰ এই দুৰৱস্থা হৈছে ৷ পিছে যিয়েই নহওক স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগত এনে দুৰ্ভাগ্যজনক ঘটনাই অদূৰ ভৱিষ্যতে কিহৰ ইংগিত বহন কৰিব সেয়া হ’ব অতি লক্ষ্যণীয় ৷Conclusion:Byte
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.