বকো, 19 অক্টোবৰ : সোমবাৰে কামৰূপ জিলাৰ বকোত মুকলি হ'ল এখন দৈনিক বজাৰ ৷ বিধায়িকা নন্দিতা দাসে আনুষ্ঠানিকভাৱে মুকলি কৰিলে বজাৰখন ৷
বকো মৌজা কমিটীয়ে বকো নদীৰ পাৰৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত স্থাপন কৰা দৈনিক বজাৰখনক লৈ আশাবাদী ৰাইজৰ লগতে ব্যৱসায়ীসকল ৷
উল্লেখ্য যে, 'মা কামাখ্যা' দৈনিক বজাৰখনত 201 খন বিভিন্ন সামগ্ৰীৰ দোকান আছে । দৈনিক বজাৰখন স্থাপন কৰাৰ পিচতে বকো অঞ্চলত কিছু পৰিমাণে নিবনুৱা সমস্যা সমাধান হ'ব বুলি প্ৰকাশ কৰিছে বিধায়িকা নন্দিতা দাসে ৷
লগতে পঢ়ক : উত্তেজনা অব্যাহত অসম-মিজোৰাম সীমান্তত