ৰঙিয়া, 4 ছেপ্টেম্বৰ : পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ বিষয়ে আপোচ কৰা নহ'ব ৷ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিধেয়কখন সদনত গৃহীত হোৱাৰ পিছত ৰঙিয়াত উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰিছে । আক্ৰাছুৰ কৰ্মীসকলে ফটকা ফুটাই আনন্দ উল্লাস প্ৰকাশ কৰিছে ।
সদৌ কোচ-ৰাজবংশী ছাত্র সন্থাৰ সাধাৰণ সম্পাদক গকুল বৰ্মণক ৰঙিয়াত আক্ৰাছুৰ সদস্য সকলে গামোচা পিন্ধাই আদৰণি জনায় । সংবাদ মাধ্যমৰ লগত হোৱা বাৰ্তালাপত গকুল বৰ্মণে জনাই যে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ বিধেয়কখন গৃহীত হোৱাৰ বাবে তেওঁলোকে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে ।
লগতে তেওঁ জনাই যে অহা নিৰ্বাচনৰ পূৰ্বে যদি পৃথক কমতাপুৰ গঠন আৰু কোচ-ৰাজবংশীক জনজাতিৰ মৰ্য্যদা প্ৰদান কৰা হয় তেতিয়াহ'লে অহা নিৰ্বাচনত কোচ-ৰাজবংশীসকলে বিজেপিলৈ পূৰ্ণ সমৰ্থন আগবঢ়াব । কিন্তু তেওঁ লগতে সকীয়াই দিয়ে যে কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদ গঠন হ'লেই তেওঁলোক শান্ত নহয় । পৃথক কমতাপুৰ আৰু জনজাতিকৰণৰ বিষয়ে আপোচ কৰা নহব বুলি তেওঁ চৰকাৰক সকীয়নি প্ৰদান কৰে ।
লগতে পঢ়ক : সদৌ বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ সংবাদ মেল