ETV Bharat / state

অন্ কেমেৰা উৎকোচ লোৱাত ব্যস্ত এগৰাকী আৰক্ষী বিষয়া

author img

By

Published : Dec 10, 2020, 9:03 PM IST

কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক ধীৰেশ্বৰ কলিতাৰ উৎকোচ লোৱাৰ ভিজুৱেল ভাইৰেল চ’ছিয়েল মিডিয়াত । গোচৰ মীমাংসাৰ বাবে ধন লোৱাৰ অভিযোগ সহকাৰী উপ-পৰিদৰ্শক গৰাকীৰ বিৰুদ্ধে ।

আৰক্ষীয়ে উৎকোচ লোৱাৰ ভিজুৱেল ভাইৰলে চ’ছিয়েল মিডিয়াত

বাইহাটা,10 ডিচেম্বৰ : পুনৰ অসম আৰক্ষীক লজ্জানত কৰিলে এগৰাকী সহকাৰী উপ-পৰিদৰ্শকে । কামৰূপ আৰক্ষীৰ ঘৃণনীয় কাণ্ড । কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ সহকাৰী উপ-পৰিদৰ্শক ধীৰেশ্বৰ কলিতাৰ উৎকোচ লোৱাৰ ভিজুৱেল ভাইৰলে চ’ছিয়েল মিডিয়াত । উল্লেখযোগ্য যে, গোচৰ মীমাংসাৰ বাবে ধন লোৱাৰ অভিযোগ সহকাৰী উপ-পৰিদৰ্শক গৰাকীৰ বিৰুদ্ধে ।

সম্প্ৰতি কলিতাই ধন লোৱাৰ লাইভ ভিজুৱেল ভাইৰেল হৈ পৰিছে চ’ছিয়েল মিডিয়াত । আনহাতে ঘোচখোৰ আৰক্ষী বিষয়া গৰাকীয়ে আইনৰ সহায় বিচৰা লোককো অভব্য আচৰণ কৰাৰ গুৰুত্বৰ অভিযোগ আছে ।

আৰক্ষী বিষয়া গৰাকীৰ এনে কৰ্ম কাণ্ডত সম্প্ৰতি কমলপুৰৰ স্থানীয় অঞ্চলবাসী ক্ষোভিত হৈ পৰিছে ৷ অতি শীঘ্ৰে বিষয়া গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ বিত্তীয় সংকট : প্ৰাপ্যৰ দাবীত ৰাজপথত ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.