আজাৰা,2 নৱেম্বৰ : আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব JEE কাণ্ডৰ অন্যতম অভিযুক্ত ভাৰ্গৱ ডেকাক । দেওবাৰে মহানগৰ আৰক্ষীয়ে বৰঝাৰ বিমানবন্দৰত বেংকৰ পৰা গুৱাহাটীলৈ গৈ থকাৰ খবৰ লাভ কৰি গ্ৰেপ্তাৰ কৰে অভিযুক্ত ভাৰ্গৱক ।
নীল নক্ষত্ৰই কোচিং কৰা গ্ল’ৱেল ইডুলাইটৰ স্বত্বাধিকাৰী আছিল ভাৰ্গৱ ডেকা । ভাৰ্গৱ ডেকা জালত পৰাৰ পাচতে আৰক্ষীৰ হাতত ন-ন তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে । ইতিমধ্যে মঙলবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল JEE কাণ্ডৰ 5 গৰাকীকৈ অভিযুক্তক ৷ তাৰপাচতে শনিবাৰে গ্ৰেপ্তাৰ হৈছিল গ্ল’ৱেল ইডুলাইটত কৰ্মৰত কাকলি বুজৰবৰুৱা ।
ইফালে আজি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে পুনৰ 2 গৰাকী অভিযুক্ত । ৰুবুল মেধি আৰু মধু হালৈ দুজন লোক এই কাণ্ডত জড়িত থকাৰ খৱৰ এক সূত্ৰযোগে লাভ কৰা গৈছে । নীলৰ হৈ পৰীক্ষাত বহা যুৱকজন বিহাৰৰ বুলি ইটিভি ভাৰতে তথ্য লাভ কৰিছে । গ্ৰেপ্তাৰ হোৱা অভিযুক্ত ভাৰ্গৱ ডেকাক 7 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ নিয়া হ’ব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : খোৱাংত বাঘৰ আতংক,প্ৰতিদিনে ভক্ষণ কৰিছে পশুধন