ETV Bharat / state

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত ক্ষোভিত নগৰবেৰাৰ ছাত্ৰসমাজ - বিক্ষোভ

নগৰবেৰা বি পি চি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে শনিবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ ৮ ঘণ্টীয়া অনশনৰে ছাত্ৰ-ছাত্ৰীসকলে এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷

৮ ঘণ্টীয়া অনশনৰে ছাত্ৰ-ছাত্ৰীসকলৰ বিক্ষোভ প্ৰদৰ্শন
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত ক্ষোভিত নগৰবেৰাৰ ছাত্ৰসমাজ
author img

By

Published : Dec 14, 2019, 7:32 PM IST

জনিয়া,14 ডিচেম্বৰঃ এসময়ৰ জাতীয় নায়ক এতিয়া হৈ পৰিছে খলনায়ক । ৰাজ্যবাসীয়ে সৰ্বত্ৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰি গৰিহণা দিয়ে মুখ্যমন্ত্ৰীগৰাকীক ৷ একালত ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা সোণোৱালৰ পৰা এনে কাৰ্য কাহানিও আশা কৰা নাছিল ৰাজ্যৰ ছাত্ৰ সমাজে । সেয়ে নগৰবেৰা বি পি চি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে শনিবাৰে বিক্ষোভ প্ৰদৰ্শন কৰে ৷ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলে আক্ষেপেৰ কয় যে, ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আপুনি পদত্যাগ কৰিব নালাগে, আপুনি আত্মহত্যা কৰক । আপুনি আত্মহত্যা কৰিলে আমাৰ এই আন্দোলনৰ কৃতিত্ব ইয়াতকৈ আন একো হ'ব নোৱাৰে ।’

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত ক্ষোভিত নগৰবেৰাৰ ছাত্ৰসমাজ

উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীসকলে নাগৰিকত্ব সংশোধনী আইনখনৰ বিৰুদ্ধে ৮ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাইজ তথা ছাত্ৰ সমাজৰ প্ৰতিবাদক সন্মান নিদিয়াৰ লগতে কেব বিৰোধী আন্দোলনত তিনিজন লোকে প্ৰাণ দিয়াক লৈ এইদৰে ক্ষোভ উজাৰে এজন ছাত্ৰই । তদুপৰি চৰকাৰে এই আইন বাতিল নকৰালৈ আন্দোলন চলি থাকিব বুলি জনায় শিক্ষাৰ্থীসকলে ।

লগতে চাওকঃকাইলৈৰ পৰা উজনি অসমত খোল খাব কেবাটাও বেংকৰ শাখা

Intro:Body:

jania demand to cm commit suicide

Anchor: মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আপুনি পদত্যাগ কৰিব নালাগে, আপুনি আত্মহত্যা কৰক। আপুনি আত্মহত্যা কৰিলে আমাৰ আন্দোলনৰ কৃতিত্ব ইয়াতকৈ আন একো হব নোৱাৰে। নগৰবেৰাত কলেজীয়া ছাত্ৰ ছাত্ৰীৰ অনশনত ছাত্ৰ ছাত্ৰীৰ এই দাবীৰ এক ৰিপৰ্ট... 

VO: একালৰ জাতীয় নায়ক সৰ্বানন্দ সোনোৱাল আজি জাতিৰ খলনায়ক ৰূপে বিবেচিত হৈছে। ৰাজ্যবাসীয়ে সংশোধিত নাগৰিকত্ব আইনে সৰ্বত্ৰে ক্ষোভ, বিক্ষোভ, ধিক্কাৰ, গৰিহনাৰে উপচাই পেলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক। ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰা সৰ্বানন্দ সোনোৱালৰ পৰা এনে জাতিধ্বংসী কাৰ্য কাহানিও আশা কৰা নাছিল ছাত্ৰ সমাজে।সেয়ে আবেগিক ছাত্ৰ ছাত্ৰীৰ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আপুনি পদত্যাগ কৰিব নালাগে আপুনি আত্মহত্যা কৰক। আপুনি আত্মহত্যা কৰিলে আমাৰ এই আন্দোলনৰ কৃতিত্ব ইয়াতকৈ আন একো হব নোৱাৰে। এইদৰে নগৰবেৰাত কলেজীয়া শিক্ষাৰ্থীয়ে আৱেগিক হৈ কাতৰ আহ্বান জনালে মুখ্যমন্ত্ৰীক। ৰাজ্যৰ সৰ্বত্ৰে সৰ্বাত্মক গন আন্দোলন অব্যাহত থকাৰ সময়তে শনিবাৰে নগৰবেৰা বি পি চি কলেজৰ ছাত্ৰ ছাত্ৰীয়ে CA(A) ৰ বিৰুদ্ধে ৮ ঘন্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰে। ছাত্ৰ সমাজক প্ৰতিনিধিত্ব কৰি আজি ৰাজ্যৰ মূখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সনোৱালে ৰাইজ তথা ছাত্ৰ সমাজৰ প্ৰতিবাদক সন্মান নিদিয়া আৰু ইতিমধ্যেই কেব বিৰোধী আন্দোলনে তিনিগৰাকীকৈ লোকে প্ৰান দিবলগীয়া হোৱাৰ বাবেই এইদৰে ক্ষোভ উজাৰিলে এগৰাকী ছাত্ৰই।CA(A) বিৰোধী এই আন্দোলন অবিৰত ভাৱে চলি থাকিব বুলি জনায় শিক্ষাৰ্থী সকলে। 

Byte: ছাত্ৰৰ মন্তব্য।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.