ETV Bharat / state

জল জীৱন মিছন : ৰঙিয়াত শুভাৰম্ভ পানী যোগান আঁচনি

author img

By

Published : Sep 7, 2021, 2:25 PM IST

সোমবাৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই শুভ উন্মোচন কৰে ৰঙিয়াৰ জটিয়াভাঙৰাৰ পানী যোগান আঁচনি ৷ কেৱল জটিয়াভাঙৰাই নহয় ৰঙিয়াৰ আঠটা গাঁও পঞ্চায়তত একেলগে আঠখন আঁচনিৰ কাম শুভাৰম্ভ কৰে ৷ আঁচনি কেইখন হৈছে আল্টা পানী যোগান আঁচনি, হাবেৰীকুৰা পানী যোগান আঁচনি, আলেকজাৰি পানী যোগান আঁচনি, তুলামাটি পানী যোগান আঁচনি, মতকুছি পানী যোগান আঁচনি, ৰাইপাট সোনাপুৰ পানী যোগান আঁচনি ৷

innugerate Jala Jiwan Scheme at Kamalpur
ৰঙিয়াত শুভাৰম্ভ পানী যোগান আঁচনি

বাইহাটা, 7 ছেপ্তেম্বৰ : ৰঙিয়াবাসীৰ বাবে এক সুখবৰ ৷ সোমবাৰে ৰঙিয়াৰ জটিয়াভাঙৰাত উদ্বোধন কৰা হয় পানী যোগান আঁচনি ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৰঙিয়া সংমণ্ডলৰ অধীনস্থ জটিয়াভাঙৰাত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই পানী যোগান আঁচনিৰ অন্তৰ্গত আঠখন আঁচনিৰ কামৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে । ৰঙিয়াৰ আঠটা গাঁও পঞ্চায়তত একেলগে আঠখন আঁচনিৰ কামৰ শুভাৰম্ভ কৰা হয় ৷

ৰঙিয়াত শুভাৰম্ভ জল জীৱন মিছন

সোমবাৰে এক মাংগলিক কাৰ্যসূচীৰ জৰিয়তে জল জীৱন মিছনৰ আঁচনি কেইখন শুভাৰম্ভ কৰাৰ লগতে কমলপুৰ সমষ্টিৰ ৮৬২ টা পৰিয়ালক একেলগে নল যোগে বিশুদ্ধ খোৱা পানী দিয়াৰো ব্যৱস্থা কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, সমগ্ৰ ৰাজ্যজুৰি এই মিছনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ২৬ হাজাৰ কোটি টকা মুকলি কৰি দিছে । যাৰবাবে বিধায়কগৰাকীয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীকো ধন্যবাদ জ্ঞাপন কৰে ৷

কমলপুৰৰ বিধায়ক গৰাকীয়ে উল্লেখ্য কৰা অনুসৰি, ২০১৯ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিছিল এই আঁচনি ৷

লগতে পঢ়ক: যোৰহাটত হাঁহ-কুকুৰা পালনৰ বিশেষ প্ৰশিক্ষণ

প্ৰধানমন্ত্ৰীগৰাকীৰ সপোনৰ এই আঁচনিখনৰ জৰিয়তে ২০২৪ চনৰ ভিতৰত অসমৰ প্ৰতিঘৰ লোকে লাভ কৰিব বিশুদ্ধ খোৱা পানী । এই ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতা বিচাৰিছে বিধায়কগৰাকীয়ে ৷ আনকি এই আঁচনিখন কাৰ্যক্ষম তথা সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবেও স্থানীয় লোকে ল’ব লাগিব এক গুৰুত্বপূৰ্ণ পদক্ষেপ ৷ তেহে এই আঁচনিখন ফলপ্ৰসূ হ’ব ৷ এই বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

শুভাৰম্ভ জল জীৱন মিছন

আনহাতে, জল জীৱন মিছনৰ জৰিয়তে ৰাইজে বিশুদ্ধ খোৱা পানী সেৱন কৰি মাৰত্মক বেমাৰ যেনে কৰ্কট ৰোগ আদিৰ পৰাও নিজকে মুক্ত কৰি ৰাখিব পাৰিব ৷ ৰাইজক উদ্দেশ্যি এই কথা ব্যক্ত কৰে বিধায়ক দিগন্ত কলিতাই ৷ আনকি, জল জীৱন মিছনৰ জৰিয়তে প্ৰতিঘৰ লোকে গুণগত মান বিশিষ্ট আৰু প্ৰয়োজনীয় পৰিমাণৰ পানী সদায় লাভ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে বিধায়ক কলিতাই ।

লগতে পঢ়ক: হত্যা নে আত্মহত্য়া : শিক্ষক দিৱসৰ দিনাই শিক্ষয়িত্ৰীৰ মৃত্যু

ইফালে বিধায়ক গৰাকীয়ে গাঁও সমিতি সমূহক আঁচনিসমূহ সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে দায়িত্ব সহকাৰে কাম কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত ভাষণ দি ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পালে জনস্বাস্থ্য কাৰিকৰী বিভাগে জনসাধাৰণক সুস্থ নিৰোগী কৰি ৰখাৰ বাবে কৰা কামৰ প্ৰশংসা কৰি কয় যে, জল জীৱন মিছনৰ জৰিয়তে এতিয়াৰ পৰা ৰাইজে বিশুদ্ধ খোৱাপানী লাভ কৰিবলৈ সক্ষম হ’ব ।

সোমবাৰে জটিয়াভাঙৰা পানী যোগান আঁচনিৰ লগতে শুভাৰম্ভ কৰা অন্য আঁচনি কেইখন হৈছে আল্টা পানী যোগান আঁচনি, হাবেৰীকুৰা পানী যোগান আঁচনি, আলেকজাৰি পানী যোগান আঁচনি, তুলামাটি পানী যোগান আঁচনি, মতকুছি পানী যোগান আঁচনি, ৰাইপাট সোনাপুৰ পানী যোগান আঁচনি ৷

লগতে পঢ়ক: বাছৰ সলনি বোকা-পানীৰে পৰিপূৰ্ণ ASTC ৰ বাছ আস্থান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.