ETV Bharat / state

তিনি মাহেও সম্পূৰ্ণ নহ'ল পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম - মথাউৰি

এতিয়াও ৰঙিয়াৰ প্ৰায় অৰ্ধ শতাধিক গাঁও জলমগ্ন হৈ আছে ৷ পুঠিমাৰী নৈৰ ভগ্ন মথাউৰিৰ পুনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবেই ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে বুলি সংবাদ মাধ্যমযোগে অভিযোগ উত্থাপন কৰে ৷

পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম
পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম
author img

By

Published : Sep 28, 2020, 2:17 PM IST

ৰঙিয়া,28 চেপ্তেম্বৰ: ৰঙিয়াৰ বগৰীবাৰীত যোৱা প্ৰায় তিনি মাহে সম্পূৰ্ণ নহ'ল পুঠিমাৰী নৈৰ ভগ্ন মথাউৰিৰ পুনৰ নিৰ্মাণৰ কাম ৷ যাৰ ফলত এতিয়াও প্ৰায় অৰ্ধ শতাধিক গাঁও জলমগ্ন হৈ আছে ৷ টুলুঙা নাৱেৰেই বিপদসংকুল যাত্ৰা অব্যাহত ৰাখিছে স্থানীয় ৰাইজে ৷ অভিযোগ অনুসৰি,অতিকৈ লেহেমীয়া গতিত চলি থকা নিৰ্মাণৰ কামত জিঅ' বেগৰ পৰিৱৰ্তে চিমেন্টৰ বেগ ব্যৱহাৰ কৰিছে ঠিকাদাৰে ৷

তিনি মাহেও সম্পূৰ্ণ নহ'ল পুঠিমাৰী নৈৰ ভগ্ন মথাউৰি নিৰ্মাণৰ কাম

আনহাতে মূল মথাউৰি নিৰ্মাণৰ পূৰ্বে নদীৰ সোঁতক বাধা দিবলৈ কিছুদিন পূৰ্বে অতি নিম্ন মানদণ্ডৰে ৰিং বান্ধৰ কাম সম্পূৰ্ণ কৰা হৈছিল যদিও, পুঠিমাৰী নৈৰ ঢলে পুনৰ চিগি নিয়ে সেই ৰিং বান্ধ ৷ যাৰ বাবে মথাউৰিটোৰ ভগ্ন পানী বৈ থকাৰ ফলত ৰঙিয়াৰ এক বৃহৎ অঞ্চল বৰ্তমানেও জলমগ্ন হৈ আছে ৷ মাত্ৰ 20-30 গৰাকী লোকেৰে নিৰ্মাণ কাৰ্য অব্যাহত ৰখাৰ লগতে ঠিকাদাৰৰ হেমাহিৰ বাবেই মথাউৰিটোৰ চিগাৰ প্ৰায় তিনি মাহৰ পাচতো এতিয়াও ৰাইজে দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে ৷ ইমানৰ পাচতো জন প্ৰতিনিধি তথা বিভাগীয় কৰ্তৃপক্ষই মাজে-সময়ে সেই স্থান পৰিদৰ্শন কৰিবলৈ আহে যদিও,ৰাইজৰ সমস্যাক গুৰুত্ব প্ৰদান নকৰে বুলি অভিযোগ কৰিছে বানাক্ৰান্তই ৷

লগতে পঢ়ক: বাঢ়নি পানীয়ে উটোৱাই নিলে মাজুলীৰ শালমৰা-বনগাঁও সংযোগী দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.