ETV Bharat / state

১১ বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল ৰঙিয়াৰ দলংঘাটৰ এখন দলঙৰ - ৰঙিয়াৰ দলংঘাটত পুঠিমাৰী নৈৰ দলং

১১ বছৰ পূৰ্বে ৰঙিয়াৰ দলংঘাটত পুঠিমাৰী নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছিল এখন দলং(Bridge) । দলংখনেৰে যাতায়ত কৰাতো দূৰৰে কথা, আজি পৰ্যন্ত দলংখনৰ ৩০ শতাংশ কামো সম্পূৰ্ণ হোৱা নাই । নাৱেৰে যাতায়ত কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে । কেৱল এয়াই নহয়, দলং নথকাৰ বাবেই একাংশ লোকে কাষতে থকা ৰে'লৰ দলঙেৰে বিপদজনকভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে ।

Incompleted Bridge in Rangia
১১ বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল ৰঙিয়াৰ দলংঘাটৰ এখন দলঙৰ
author img

By

Published : Jun 16, 2021, 5:30 PM IST

ৰঙিয়া, ১৬ জুন: দলঙৰ অভাৱত বছৰ বছৰ ধৰি বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে ৰঙিয়া (Rangia)ৰ দলংঘাটবাসীয়ে । অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে ১১ বছৰ পূৰ্বে পুঠিমাৰী নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছিল এই দলং(Bridge)খন । দলংখন নিৰ্মাণৰ দায়িত্বত থকা কেইবাগৰাকীও ঠিকাদাৰ সময়ে সময়ে সলনিও হ'ল ।

কিন্তু ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ দলংঘাটত থকা এই দলংখনহে আজিকোপতি সম্পূৰ্ণ হৈ নুঠিল । ৰঙিয়া আৰু গোৰেশ্বৰৰ মাজৰ অন্যতম গুৰুত্বপূৰ্ণ পথটোত নিৰ্মাণ কৰা এই দলংখন বছৰ বছৰ ধৰি সম্পূৰ্ণ নোহোৱাত ক্ষুব্ধ হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । দলং নিৰ্মাণৰ ১১ বছৰ পিছতো আজিলৈকে দলংখন নিৰ্মাণৰ ৩০ শতাংশ কামো আগবঢ়া নাই ।

১১ বছৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহ'ল ৰঙিয়াৰ দলংঘাটৰ এখন দলঙৰ

ইফালে, দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নোহোৱাৰ বাবে যাতায়তৰ নামত বৃহত্তৰ অঞ্চলৰ ৰাইজে যমৰ যাতনা ভূগিবলগীয়া হৈছে । উপায়বিহীন হৈ ৰাইজে দলংঘাট-গুৰমৌৰ মাজত পুঠিমাৰী নৈত ওপৰত সাজি লৈছিল এখন বৃহৎ বাঁহৰ দলং । কিন্তু কিছুদিন পূৰ্বে নৈৰ সোঁতত উটি যায় অঞ্চলটোৰ যাতায়তৰ একমাত্ৰ ভৰসা এই বাঁহৰ দলঙখন । এতিয়া টুলুঙা নাৱেৰে অথবা কাষতে থকা ৰে'লৰ দলঙেৰে বিপদজনকভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে ৰাইজে ।

ৰে'লৰ দলঙেৰে যাতায়ত কৰিবলৈ গৈ দুৰ্ভাগ্যবশতঃ ৰে'লৰ সন্মুখত পৰি ইতিমধ্যে কেইবাগৰাকীও লোকৰ মৃত্যু হৈছে । উল্লেখ্য যে, পকী দলংখন নিৰ্মাণৰ বাবে ড'নাৰ মন্ত্ৰালয়ৰ পৰা আৱন্টিত বিটিচি (BTC)ৰ বিশেষ পুঁজিৰ অধীনত ৮ কোটি টকা বাজেট ধাৰ্য কৰা হৈছিল এই দলংখনৰ বাবে । বিভাগৰ তৰফৰ পৰা এই দলংখন নিৰ্মাণৰ বাবে পাঁচ বছৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল । কিন্তু ১১ বছৰ পিছতো দলঙখন সম্পূৰ্ণ হৈ নুঠিল । ইফালে, দলংখন নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি হোৱা বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ AJYCP ৰ নগাঁও সমিতিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.