ছয়গাঁও, ৮ ছেপ্টেম্বৰ : অসমৰ বনাঞ্চল ধ্বংস কৰি একাংশই অব্যাহত ৰাখিছে কাঠৰ চোৰাং সৰবৰাহ । বন বিভাগৰ (Forest Department) চকুৰ সন্মুখতে একাংশ লোকে অসমৰ ভিন্ন প্ৰান্তত এই দুস্কাৰ্য সংঘটিত কৰি আহিছে । বিশেষকৈ কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলত শেহতীয়াকৈ বৃদ্ধি পাইছে কাঠৰ চোৰাং সৰবৰাহ (Smuggling of wood) । যাৰ বাবে ৰাইজ তথা বিভিন্ন দল সংগঠনে বন বিভাগত অভিযোগ উত্থাপন কৰি আহিছে ।
তেনে এক অভিযোগৰ পাছতে ছয়গাঁৱৰ উকিয়াম পথত চলিল বন বিভাগৰ অভিযান । নিশাৰ পৰা পুৱালৈ চলিল বন বিভাগৰ এই অভিযান । বন বিভাগৰ অভিযানত জব্দ চাইকেলসহ বৃহৎ পৰিমাণৰ কাঠ । কুলশী আঞ্চলিক বন বিষয়া দ্বিপন ডেকাৰ নেতৃত্বত চলোৱা এই অভিযানত চোৰাং কাঠ কঢ়িয়াই নিয়া আঠখন চাইকেল জব্দ কৰে ।
জানিব পৰা মতে ছয়গাঁও উকিয়াম পথেৰে নিশাৰ ভাগত প্ৰায়ে চোৰাং কাঠ সৰবৰাহ হৈ থাকে ৷ কুলশী বন বিষয়াৰ কাৰ্যালয়ে প্ৰায়ে উক্ত পথত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে মঙলবাৰে নিশা চলোৱা এই অভিযানত উক্ত চাইকেল কেইখনৰ লগতে মূল্যৱান কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ বন বিভাগৰ দলটোক দেখা মাত্ৰকে চোৰাং কাঠ ব্যৱসায়ীসকলে চাইকেল এৰি পলায়ন কৰে ৷ পাছত বন বিভাগৰ দলটোৱে চাইকেল সহ কাঠখিনি কুলশী বনাঞ্চলিক কাৰ্যালয়লৈ (Kulshi Forest Office) লৈ আহে ৷
লগতে পঢ়ক :মৰাণত কাঠ ভৰ্তি ট্ৰাক জব্দ