ETV Bharat / state

বকোৰ নামবৰজুলিত অপৈনত শালৰ কুণ্ডা জব্দ - পশ্চিম লুকী ৰাভা আঞ্চলিক ছাত্ৰ সন্থা

বকোৰ নামবৰজুলিত অপৈনত শালৰ কুণ্ডা জব্দ ৷ বৰজুলি সংৰক্ষিত বনাঞ্চলৰ পৰা অপৈনত শাল গছ কাটি পথৰ দাঁতিত মজুত কৰি ৰাখিছিল অসাধু চক্ৰই ৷ বন বিভাগৰ অভিযানত জব্দ 50 টাতকৈ অধিক অপৈনত শাল গছৰ কুণ্ডা ৷

illegal-shawl-kunda-seized-at-boko-nambarjuli
বকোৰ নামবৰজুলিত অপৈত শালৰ কুণ্ডা জব্দ
author img

By

Published : Jun 21, 2021, 7:21 AM IST

বকো, 21 জুন : লক ডাউনৰ মাজতে ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ বেহা ৷ বিগত দিনকেইটাত ৰাজ্যৰ বিভিন্ন ঠাইত বহু লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ হোৱাৰ সমান্তৰালকৈ বকোৰ নামবৰজুলিত দেওবাৰে বৃহৎ পৰিমাণৰ অপৈনত শালৰ কুণ্ডা জব্দ কৰে বন বিভাগে ।

বকোৰ নামবৰজুলিত অপৈত শালৰ কুণ্ডা জব্দ

পশ্চিম কামৰূপ বন সংমণ্ডলৰ বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয় অন্তৰ্গত বৰজুলি সংৰক্ষিত বনাঞ্চলৰ পৰা অপৈনত শাল গছ কাটি পথৰ দাঁতিত মজুত কৰি ৰাখিছিল অসাধু চক্ৰই । শনিবাৰে নিশাৰ ভাগতে বন বিভাগে এই খবৰ লাভ কৰিছিল যদিও দেওবাৰে বন্দাপাৰা বন বিভাগে অভিযান চলায় । অভিযানত বন বিভাগে ৫০ টাতকৈ অধিক অপৈনত শাল গছৰ কুণ্ডা জব্দ কৰে । প্ৰায় ২ লাখ টকা মূল্যৰ এই কুণ্ডাখিনি চৰাঞ্চললৈ নিয়া পৰিকল্পনা কৰিছিল দুষ্ট চক্ৰই ।

উল্লেখ্য যে, পশ্চিম কামৰূপ বন সংমণ্ডল এলেকাত অবাধ গতিত চলি থকা বন ধ্বংস যজ্ঞ ৰোধ কৰাত তিলমানো সফল হ’ব পৰা নাই বন বিষয়া-কৰ্মী । যাৰ বাবে অসাধু চক্ৰই বনজ সম্পদক লৈ চলাই হৈছে ৰমৰমীয়া বেহা । ইফালে এই বন ধ্বংস কাৰ্যক তীব্ৰ গৰিহণা দিছে পশ্চিম লুকী ৰাভা আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে । বন বিভাগৰ বিষয়া-কৰ্মচাৰী সক্ৰিয় হলে বনজ সম্পদ সংৰক্ষিত হ’ব বুলি মন্তব্য কৰে ছাত্ৰ সংগঠনটোৰ কৰ্মীয়ে ।

লগতে পঢ়ক : জনসংখ্যা নীতিক লৈ মুখ্যমন্ত্ৰীক ৰাজনীতি নকৰিবলৈ আহ্বান দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.