ETV Bharat / state

আৰক্ষীয়ে জব্দ কৰা সুৰা ভৰ্তি ট্ৰাকত লাগিল জুই - আৰক্ষীয়ে জব্দ কৰা অবৈধ সুৰাৰ কণ্টেইনাৰত লাগিল জুই

ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । আৰক্ষীয়ে জব্দ কৰা অবৈধ সুৰাৰ কণ্টেইনাৰত লাগিল জুই (Illegal liquor filled container burnt in Rangia)। দুৰ্বৃত্তই অগ্নি সংযোগ কৰাৰ অভিযোগ ।

Illegal liquor seized in Rangia
ৰঙিয়াত অবৈধ সুৰাভৰ্তি কণ্টেইনাৰ অগ্নিদগ্ধ
author img

By

Published : Jan 5, 2022, 7:00 PM IST

ৰঙিয়া,৫ জানুৱাৰী : ৰাজ্যত অব্যাহত আছে সুৰাৰ অবৈধ সৰবৰাহ (Illegal supply of liquor in Assam)। একাংশ দুষ্টচক্ৰই অসমৰ মাজেৰে বহিঃৰাজ্যলৈ অৰুণাচলৰ সুৰাৰ অবৈধ সৰবৰাহ অব্যাহত ৰাখিছে । ইয়াৰ মাজতে কামৰূপ জিলাৰ ৰঙিয়াত চাঞ্চল্যকৰ ঘটনা । আৰক্ষীয়ে জব্দ কৰা সুৰাভৰ্তি বাহন জ্বলাই দিলে কোনো দুৰ্বৃত্তই । ৰঙিয়া আৰক্ষী থানাৰ সন্মুখতে সংঘটিত হৈছে এই ঘটনা । ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

আৰক্ষীয়ে জনোৱা মতে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মঙলবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে জব্দ কৰে অৰুণাচলী সুৰাভৰ্তি এখন কণ্টেইনাৰ (Rangia police seized liquor loaded truck) । কণ্টেইনাৰ খনত গোপনে অনা হৈছিল প্ৰায় ২০০ কাৰ্টুন অৰুণাচলী সুৰা (Illegal liquor seized in Rangia)। সুৰাখিনি জব্দ কৰাৰ পাছত RJ-২৩-GA-২১৪১ নম্বৰৰ কণ্টেইনাৰখনৰ থানাৰ বাহিৰতে ৰখাই থোৱা আছিল । কিন্তু ৰহস্যজনকভাৱে নিশা থানাৰ সন্মুখতে জ্বলি উঠে কণ্টেইনাৰখন (Illegal liquor-filled container burnt in Rangia)।

ৰঙিয়াত অবৈধ সুৰাভৰ্তি কণ্টেইনাৰ অগ্নিদগ্ধ

কোনো দুৰ্বৃত্তই বাহনখনত অগ্নিসংযোগ কৰাৰ অভিযোগ কৰিছে বিভিন্ন জনে । অৱশ্যে আৰক্ষীৰ সন্দেহ শ্বৰ্ট চাৰ্কিটৰ ফলতো কণ্টেইনাৰখনত জুইৰ সূত্ৰপাত হ'ব পাৰে । ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে ৰঙিয়া আৰক্ষীয়ে । লক্ষণীয়ভাৱে থানাৰ বাহিৰত থকা চিচিটিভি কেমেৰা বিকল হৈ থকাক লৈও এতিয়া বিভিন্ন মহল প্ৰশ্ন উদয় হৈছে ।

কিন্তু কোনে আৰু কিয় বাহনখনত অগ্নিসংযোগ কৰিলে ? সম্প্ৰতি ৰহস্যৰ আৱৰ্তত আছে সমগ্ৰ ঘটনা । আৰক্ষীয়ে জনোৱা মতে নিশাই জব্দ হোৱা সুৰা খিনি থানালৈ অনা হৈছিল । লগতে কণ্টেইনাৰখনৰ চালকজনক আৰক্ষীয়ে আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Arms smuggler arrested at Samaguri : পিষ্টলৰ গুলীসহ আটক এজন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.