ETV Bharat / state

ছয়গাঁও উকিয়াম পথেৰে সৰবৰাহ হয় চোৰাং কয়লা

author img

By

Published : Jan 9, 2020, 1:34 AM IST

Updated : Jan 9, 2020, 3:52 AM IST

মেঘালয়ৰ পৰা অসমলৈ একমাত্ৰ কয়লা সৰবৰাহৰ বাবেই পুটি পেলোৱা হৈছে এখন নৈ ৷ দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৰ মনোৰম উকিয়ামৰ মাজেৰে বৈ যোৱা শ্ৰী নামৰ এখন বোৱতী নৈখনৰ ওপৰেদি সাজি উলিওৱা হৈছে এটি পথ ।

Illegal Coal business at Chaygaoan
ছয়গাঁও উকিয়াম পথেৰে সৰবৰাহ হয় চোৰাং কয়লা

ছয়গাঁও, 8 জানুৱাৰী : দক্ষিণ কামৰূপৰ ছয়গাঁৱত পোহৰলৈ আহিছে কয়লাৰ বৃহৎ চোৰাং ব্যৱসায় চলি থকাৰ তথ্য ৷ মেঘালয়ৰ পৰা অসমলৈ একমাত্ৰ কয়লা সৰবৰাহৰ বাবেই পুটি পেলোৱা হৈছে এখন নৈ ৷ দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৰ মনোৰম উকিয়ামৰ মাজেৰে বৈ যোৱা শ্ৰী নামৰ এখন বোৱতী নৈখনৰ ওপৰেদি সাজি উলিওৱা হৈছে এটি পথ । স্থানীয় লোকৰ অভিযোগ অনুসৰি এটা মাফিয়া চক্ৰই কামৰূপ আৰক্ষীৰ একাংশ শীৰ্ষ বিষয়াক হাতৰ মুঠিত ৰাখি উকিয়‍ামৰ পৰা ছয়গাঁও হৈ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি আহিছে কয়লা ।

ছয়গাঁও উকিয়াম পথেৰে সৰবৰাহ হয় চোৰাং কয়লা

এই পথটোৱেদি প্ৰতিনিশা কয়লা ভৰ্ত্তি ট্ৰাক আৰু চাৰিচকীয়া বাহন মেঘালয়ৰ পৰা অসমলৈ প্ৰৱেশ কৰে ৷ কামৰূপ আৰক্ষী নিমাত বুলি মন্তব্য কৰে স্থানীয় লোকে । লগতে এই নৈখন পুতি পথ নিৰ্ম‍াণ কৰাৰ বিনময়ত ৰজাঘৰীয়া আৰু প্ৰশাসনৰ একাংশ লোকক এক বৃহৎ পৰিমাণৰ ধন মাফিয়া চক্ৰটোৱে আদায় দিয়া বুলিও অভিযোগ উঠিছে । উল্লেখ্য যে , ছয়গাঁও আৰক্ষীয়ে বিভিন্ন পক্ষৰ অভিযোগত দুই এখন কয়লা ভৰ্ত্তি গাড়ী জব্দ কৰিছে । আনহাতে অলপতে ৰাইজৰ অভিযোগত বন বিভাগেও কেইখনমান অবৈধ কয়লা কঢ়িওৱা গাড়ী জব্দ কৰা বুলি জানিব পৰা গৈছে ৷

আৰু পঢ়ক : ছয়গাঁৱত শোৱনি কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহঃ স্বামীগৃহ লণ্ড-ভণ্ড উত্তেজিত ৰাইজৰ

Intro:মেঘালয়ৰ পৰা ছয়গাঁও উকিয়াম পথেৰে সৰবৰাহ হয় চোৰাং কয়লাৰ গাড়ী ৷ প্ৰশাসন- আৰক্ষীৰ পৰোক্ষ সহযোগিতাত চোৰাং কয়লাৰ ব্যৱসায় চলাৰ অভিযোগ ৰাইজৰ ৷Body:ছয়গাঁও ৮ জানুৱাৰী : দক্ষিণ কামৰূপৰ ছয়গাঁৱত কয়লাৰ বৃহৎ চোৰাং ব্যৱসায় চলি থকাৰ তথ্য পোহৰলৈ আহিছে ৷ মেঘালয়ৰ পৰা অসমলৈ একমাত্ৰ কয়লা সৰবৰাহৰ বাবেই পুটি পেলোৱা হৈছে এখন নৈ ৷ নৈৰ ওপৰেদি সাজি উলিওৱা হৈছে এটি পথ । ৰজাঘৰীয়া আৰু কামৰূপ আৰক্ষীৰ একাংশ শীৰ্ষ বিষয়াৰ ছত্ৰছায়াত এতিয়া ছয়গাঁৱত চলিছে কয়লাৰ বৃহৎ চোৰাং ব্যৱসায় । দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৰ মনোৰম উকিয়ামৰ মাজেৰে বৈ যোৱা শ্ৰী নামৰ এখন বোৱতী নৈ । এই নৈখনৰ বুকুৱেদি অৰ্থাৎ নৈৰ সোঁতক ভেটা দি সাজি উলিওৱা হৈছে বৃহৎ পথটো । এই পথছোৱাৰে কয়লা ভৰ্ত্তি ট্ৰাকসমূহ মেঘালয়ৰ পৰা অসমলৈ প্ৰৱেশ কৰে । অভিযোগ অনুসৰি, এটা মাফিয়া চক্ৰই কামৰূপ আৰক্ষীৰ একাংশ শীৰ্ষ বিষয়াক হাতৰ মুঠিত ৰাখি উকিয়‍ামৰ পৰা ছয়গাঁও হৈ বিভিন্ন ঠাইলৈ সৰবৰাহ কৰি আহিছে কয়লা । প্ৰতিনিশা শ শ ট্ৰাক আৰু চাৰিচকীয়া বাহন উকিয়ামৰ পৰা ২৮ কিলমিটাৰ পথ অতিক্ৰমি ছয়গাঁৱলৈ লৈ আহে মাফিয়া চক্ৰটোৱে । তাৰ পিছত ছয়গাঁৱৰ পৰা বিভিন্ন ঠাইলৈ পঠাই দিয়া হয় ট্ৰাকসমূহ । কামৰূপ আৰক্ষীয়ে সকলো দেখিও চকু মুদা কুলিৰ ভাও ধৰি অহাৰ আৰঁত মাফিয়া চক্ৰটোৰ সতে গোপন মিত্ৰতা থকাৰ কথাটো স্পষ্ট হৈ পৰিছে বুলিও সচেতন মহলে অভিযোগ তুলিছে । লগতে এই নৈখন পুতি পথ নিৰ্ম‍াণ কৰাৰ বিনময়ত ৰজাঘৰীয়া আৰু প্ৰশাসনৰ একাংশ লোকক এক বৃহৎ পৰিমাণৰ ধন মাফিয়া চক্ৰটোৱে আদায় দিয়া বুলিও অভিযোগ উঠিছে । প্ৰকৃতিসৃষ্ট এই শ্ৰী নৈখনৰ সোঁতক ভেটা দি পথ নিৰ্মাণ কৰি কয়লা সৰবৰাহ কৰি অ‍াছে যদিও কি কাৰণত সকলো পক্ষ নিৰ্বিকাৰ হৈ আছে সেয়াহে সচেতন মহলৰ বাবে কোটি টকীয়া প্ৰশ্ন । আনহাতে, ছয়গাঁও আৰক্ষীয়ে বিভিন্ন পক্ষৰ অভিযোগ পাই দুই এখন কয়লা ভৰ্ত্তি গাড়ী জব্দ কৰি আহিছে । আনহাতে অলপতে ৰাইজৰ অভিযোগত বন বিভাগেও কেইখনমান অবৈধ কয়লা কঢ়িওৱা গাড়ী জব্দ কৰা বুলি জানিব পৰা গৈছে ৷ এতিয়া দক্ষিণ কামৰূপৰ ছয়গাঁৱত গঢ় লৈ উঠা এই বৃহৎ কয়লাৰ অবৈধ ব্যৱসায়ৰ আঁৰত ৰজাঘৰীয়া আৰু প্ৰশাসনৰ কোন কোন জড়িত আছে সেয়া অতিশীঘ্ৰে পোহৰলৈ আহিব ৷Conclusion:
Last Updated : Jan 9, 2020, 3:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.