ETV Bharat / state

৩০ দিনৰ ভিতৰত দেশত প্ৰায় 5.50 লাখ লোক আক্ৰান্ত হ’ব কৰ’ণাত ! - Covid 19

পৰৱৰ্তী ৩০ দিনৰ ভিতৰত দেশত 1.50 লাখৰ পৰা 5.50 লাখ পৰ্যন্ত লোক Covid 19 ত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকাশ আই আই টি গুৱাহাটীৰ ৷ প্ৰতিষ্ঠানখনৰ গণিত বিভাগৰ সহযোগী অধ্যাপক পলাশ ঘোষ আৰু গৱেষক ৰিক ঘোষৰ যুটীয়া গৱেষণাত প্ৰকাশ পাইছে এই তথ্য ৷

IIT Guwahati research on covid 19 kamrup assam etv bharat news
আই আই টি গুৱাহাটী
author img

By

Published : May 13, 2020, 12:08 PM IST

আমিনগাঁও,13 মে’: চলিত মাহৰ শেষ সময়ছোৱাত Covid 19 ৰ ক্ষেত্ৰত বৃহৎ সামূহিক সংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গুৱাহাটীৰ গৱেষকসকলে । প্ৰতিষ্ঠানখনৰ গণিত বিভাগৰ সহযোগী অধ্যাপক পলাশ ঘোষ আৰু গৱেষক ৰিক ঘোষৰ যুটীয়া গৱেষণাত প্ৰকাশ পাইছে এই তথ্য ৷ উক্ত গৱেষণাত আই আই টি গুৱাহাটী আৰু ছিংগাপুৰ চিকিৎসা বিদ্যালয়ে ডাটা ছায়েন্স মডেল আৰু লজিষ্টিক পদ্ধতিৰ সহায়ত কৰ’ণা সংক্ৰমণৰ দাঙি ধৰে ৷ সেই অনুসৰি পৰৱৰ্তী ত্ৰিশ দিনত দেশত 1.50 লাখৰ পৰা 5.50 লাখ পৰ্যন্ত Covid 19 ৰোগী বৃদ্ধি পাব ৷

আই আই টি গুৱাহাটীৰ গৱেষকৰ তথ্য প্ৰকাশ

উল্লেখ্য যে, ডাটা ছায়েন্স মডেলৰ জৰিয়তে কৰা বিশ্লেষণ অনুসৰি কৰ’ণা সংক্ৰমণৰ সংখ্যা 1.30 লাখলৈ বৃদ্ধি পাব ৷ সেইদৰে লজিষ্টিক পদ্ধতিৰে কৰা বিশ্লেষণে এই সংখ্যা 5.50 লাখলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ গৱেষক সকলৰ এই অনুমান সঁচা হ’লে আগন্তুক এমাহত কৰ’ণাৰ সংক্ৰমণ দেশৰ বাবে হ’ব উদ্বেগৰ বিষয় ।

লগতে চাওকঃ ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ'ল অৰ্ধশতাধিক দোকান !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.