দক্ষিণ কামৰূপ/আজাৰা,24ছেপ্তেম্বৰঃ বিজেপিৰ সৈতে পুনৰ মিত্ৰতাত থাকিব খোজে ৰাভা হাছং । বিজেপিয়ে ৰাখিলে আঁতৰি নাযায় ৰাভা হাছং ৷ বৃহস্পতিবাৰে পলাশবাৰী সমষ্টিৰ ৰাভা হাছং এলেকাত উপস্থিত হৈ এই মন্তব্য ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভাৰ ৷ তদুপৰি আগন্তুক ৰাজ্যৰ নিৰ্বাচনত যি দলে চৰকাৰ গঠন কৰিব,ৰাভা হাছংৰ উন্নয়নৰ স্বাৰ্থত সেই দলৰ সৈতে থাকিব বুলি কৌশলী মন্তব্য মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে ৷
ইপিনে,অসম জাতীয় পৰিষদৰ সৈতে বৰ্তমানলৈকে কোনোধৰণৰ আলোচনা হোৱা নাই বুলিও কয় টংকেশ্বৰ ৰাভাই ৷ ইপিনে পলাশবাৰী সমষ্টিৰ বিজেপি বিধায়ক প্ৰণৱ কলিতাক লৈ অসন্তুষ্টি ব্যক্ত কৰি টংকেশ্বৰ ৰাভাই বিধায়ক প্ৰণৱ কলিতাক প্ৰাৰ্থীত্ব দিলেও পৰাস্ত কৰা হ'ব বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷
লগতে পঢ়কঃবিধ্বংসী ৰূপ ধাৰণ আই নদীৰ খহনীয়াৰ