ETV Bharat / state

কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীৰ অগপত যোগদান

আগন্তুক উপ নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া বিভিন্ন ৰাজনৈতিক দলৰ মাজত চলিছে নিৰ্বাচনী কুজ-কাৱাজ ৷ ইয়াৰ সমান্তৰালভাবে আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি ৷ শেহতীয়াকৈ কংগ্ৰেছ-এআইইউডিএফৰ মহাযোঁট ভংগই ইংগিত দিছে ৰাজনৈতিক প্ৰেক্ষাপট সলনিৰ ৷

Congress leaders and workers join AGP
কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীৰ অগপত যোগদান
author img

By

Published : Aug 31, 2021, 11:25 AM IST

ৰঙিয়া, 31 আগষ্ট : ৰঙিয়াত কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে । ৰঙিয়াৰ মুৰাৰাস্থিত অগপৰ কাৰ্যালয়ত অনুষ্ঠিত ৰঙিয়া বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সভাত কংগ্ৰেছ নেতা-কৰ্মীসকলে আঞ্চলিক দলটোত যোগদান কৰে ।

Congress leaders and workers join AGP
কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীৰ অগপত যোগদান

ৰঙিয়া বিধান পৰিষদৰ সভাপতি লীলাধৰ শালৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলক উষ্ম আদৰণি জনায় শাসকীয় মিত্ৰ দলটোৰ কৰ্মীসকলে । সভাখনত উপস্থিত থকা অগপৰ কেন্দ্ৰীয় উপ সভাপতি সুনীল ডেকাই কংগ্ৰেছৰ প্ৰতি মোহভংগ হৈ ৰাজ্যৰ বিভিন্ন সমষ্টিৰ লগতে ৰঙিয়াতো শ শ নেতা-কৰ্মীয়ে অগপত যোগদান কৰিছে বুলি উল্লেখ কৰে ।

Congress leaders and workers join AGP
কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীৰ অগপত যোগদান

তেওঁ কংগ্ৰেছৰ নেতৃত্বৰ অভাৱ আৰু জনবিৰোধী কাৰ্যৰ বাবে দেশৰ আটাইতকৈ পুৰণি দলটো বিধ্বস্ত হৈ পৰিছে বুলি মন্তব্য কৰি ধৰ্ম-নিৰপেক্ষ দল অগপত সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাংশই যোগদান কৰিবলৈ আৰম্ভ কৰিছে বুলিও উল্লেখ কৰে ৷

Congress leaders and workers join AGP
কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীৰ অগপত যোগদান

সভাখনত অগপৰ ভগ্নী সংগঠন কৃষক পৰিষদৰ সভাপতি দিলীপ পাটগিৰি, ৰাজ্যিক কাৰ্য নিৰ্বাহক অৰ্ণৱ ভৰালীসহ বহুকেইগৰাকী নেতা আৰু তৃণমূল কৰ্মী উপস্থিত থাকে ।

Congress leaders and workers join AGP
কংগ্ৰেছৰ শতাধিক নেতা-কৰ্মীৰ অগপত যোগদান

লগতে পঢ়ক : শৃংখল চলিহাৰ বিৰুদ্ধে বৰাক ডেমক্ৰেটিক ফ্ৰন্টৰ যুৱ শাখাৰ এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.