ETV Bharat / state

বগৰীবাৰীৰ মথাউৰি নিৰ্মাণৰ কামত অনিয়মৰ অভিযোগ

author img

By

Published : Aug 24, 2020, 10:59 AM IST

ৰঙিয়াৰ বগৰীবাৰীৰ ভগ্ন মথাউৰি নিৰ্মাণত ঠিকাদাৰৰ গাফিলতিৰ অভিযোগ ৷ টকা আৱন্টন হোৱাৰ পাচতো ঠিকাদাৰে নিৰ্মাণ কাৰ্য লেহমীয়া কৰাৰ অভিযোগ ৰাইজৰ ৷

How an embankment in Rangia failed, leaving villages devastated
কাছৰ দৌৰত চলিছে বগৰীবাৰীৰ মথাউৰি নিৰ্মাণৰ কাম

ৰঙিয়া, 24 আগষ্ট : কৰ'ণা মহামাৰীৰ ত্ৰাস অব্য়াহত থকাৰ মাজতে প্ৰলয়ংকাৰী বানে তচনচ কৰিছে ৰাজ্যবাসীক ৷ নেৰানেপেৰা বৰষুণৰ ফলত নদী-উপনদী উফন্দি উঠি জলমগ্ন হৈ পৰিছিল ৰাজ্যখনৰ প্ৰায় 30 খন জিলা ৷ প্ৰলয়ংকৰী বানত ঘৰ-মাটি হেৰুৱাইছে বহু বন্যাৰ্তই ৷ আনকি, বানপানীত বহু মথাউৰি, ৰাস্তা-ঘাট বিচ্ছিন্ন হৈ যাতায়ত ব্যাহত হোৱা পৰিলক্ষিত হৈছিল ৷

শেহতীয়া বানত ৰঙিয়াৰ বগৰীবাৰীৰ মথাউৰি ছিঙি অঞ্চলটোৰ প্ৰায় অৰ্ধ-শতাধিক গাঁও জলমগ্ন হৈছিল ৷ আনকি, বৰ্তমানেও উক্ত অঞ্চলৰ বহুবোৰ গাঁও পানীৰ কবলত থকা বুলি জানিব পৰা গৈছে ৷

ইফালে, জলসম্পদ বিভাগে উক্ত মথাউৰিটো মেৰামতিৰ বাবে বিভাগীয় ঠিকাদাৰক দায়িত্ব অৰ্পন কৰিছে যদিও, বিভাগীয় ঠিকাদাৰে মথাউৰি নিৰ্মাণৰ কাম লেহমীয়া কৰাৰ অভিযোগ উখাপন হৈছে ৷ বিভাগৰ তৰফৰ পৰা মথাউৰি নিৰ্মাণৰ বাবে টকা আৱন্টন দিয়াৰ পাচতো বিভাগীয় ঠিকাদাৰে নিৰ্মাণ কাৰ্যত লেহমীয়া কৰাৰ বাবে বৰ্তমান অঞ্চলটোৰ সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

ইফালে, মূল মথাউৰি নিৰ্মাণৰ পূৰ্বে নদীৰ সোঁতক বাধা দিবলৈ সাজিবলগীয়া ৰিং বান্ধৰ কামো 50 শতাংশও সম্পূৰ্ণ নোহোৱাৰ অভিযোগ উখাপন হৈছে । প্ৰায়েই বিভিন্ন কাৰণত নিৰ্মাণ কাৰ্য স্থগিত হৈ পৰাৰ বিপৰীতে নিৰ্মাণ কাৰ্যত নিয়োজিত বনুৱা সকলক সময় মতে তেওঁলোকৰ প্ৰাপ্য মজুৰি আদায় নিদিয়াৰো অভিযোগ কৰ্মচাৰীৰ ।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰঙিয়াৰ স্থানীয় বিধায়ক ভবেশ কলিতাই নিজেই উক্ত মথাউৰি নিৰ্মাণ কৰিবৰ বাবে বিশেষ তৎপৰ হোৱা পৰিলক্ষিত হৈছিল ৷

লগতে পঢ়ক : কেতিয়া কাৰামুক্ত হ’ব অখিল গগৈ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.