ETV Bharat / state

এটা জলকীয়াৰ বাবে সতীৰ্থই হত্যা কৰিলে গৃহৰক্ষী জোৱানক

author img

By

Published : Apr 28, 2019, 11:11 AM IST

পাকস্থলীত আঘাত পোৱা মজিবৰক শুকুৰবাৰে স্থানীয় চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হয় ৷ প্ৰাথমিক চিকিৎসাৰ অন্তত জোৱানজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে শনিবাৰে মজিবৰ ৰহমানৰ মৃত্যু হয় ৷

জলকীয়াৰ বাবে গৃহৰক্ষী বাহিনীৰ জোৱানে হত্যা কৰে সতীৰ্থক

ৰঙিয়া , 28 এপ্ৰিল : ৰঙিয়াত এক চাঞ্চল্যকৰ হত্যাকাণ্ড ৷ এটা জলকীয়াৰ বাবে গৃহৰক্ষী বাহিনীৰ এজন জোৱানে নিৰ্মমভাৱে হত্যা কৰে আন এজন সতীৰ্থক ৷

বৃহস্পতিবাৰে সন্ধিয়া এটি জলকীয়াক কেন্দ্ৰ কৰি গৃহৰক্ষী বাহিনীৰ জোৱান তথা ৰঙিয়াৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ হাউচ গাৰ্ড হিচাপে কৰ্মৰত মজিবৰ ৰহমান আৰু ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকনজ্যোতি নাথৰ গাড়ী চালক উৎপল হুজুৰীৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় ৷ এই তৰ্ক-বিতৰ্কই মাৰপিটত পৰিণত হোৱাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মজিবৰ ৰহমান ৷ পাকস্থলীত আঘাত পোৱা মজিবৰক শুকুৰবাৰে স্থানীয় চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হয় ৷ প্ৰাথমিক চিকিৎসাৰ অন্তত জোৱানজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে শনিবাৰে মজিবৰ ৰহমানৰ মৃত্যু হয় ৷

জলকীয়াৰ বাবে গৃহৰক্ষী বাহিনীৰ জোৱানে হত্যা কৰে সতীৰ্থক

ইপিনে শনিবাৰে সমগ্ৰ ঘটনাৰ তথ্য পোহৰলৈ অহাত ঘটনা সন্দৰ্ভত মজিবৰ ৰহমানৰ পৰিয়ালে জোৱান উৎপল হুজুৰীৰ বিৰুদ্ধে এক গোচৰ তৰে ৷ লগতে ৰঙিয়া আৰক্ষীয়েও বিষয়টো সন্দৰ্ভত এক গোচৰ ৰুজু কৰে ৷ আনহাতে অসম গৃহৰক্ষী বাহিনী কল্যাণ সমিতিয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে ৷ তদুপৰি সমিতিৰ সম্পাদক ইক্ৰাম আলীয়ে ডি আই জি পৰ্যায়ৰ শীৰ্ষ বিষয়াৰ দ্বাৰা ঘটনাটোৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে ৷ লগতে মজিবৰ ৰহমানৰ পৰিয়ালৰ লোকক উপযুক্ত ক্ষতিপূৰণ আৰু চৰকাৰী চাকৰি দিয়াৰ বাবেও দাবী উত্থাপন কৰিছে ৷

Intro:ৰঙিয়াত সংঘটিত হৈছে এক হত‍্যাকাণ্ড। এটা জলকীয়াৰ বাবে গৃহৰক্ষী বাহিনীৰ এজন জোৱানে আন এজনক সতীৰ্থক নিৰ্মম ভাৱে হত‍্যা কৰিলে।Body:ৰঙিয়াত গৃহৰক্ষী বাহিনীৰ জোৱানে হত্যা কৰিলে আন এগৰাকী জোৱানক। মৃত জোৱান জন হৈছে বাইহাটা চাৰিআলিৰ মেপকুছিৰ মজিবৰ ৰহমান । ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈৰ হাউচগাৰ্ড হিচাপে থকা জোৱানজনক হত্যা কৰিলে ৰঙিয়া মহকুমা আৰক্ষী বিষয়া কংকনজ্যোতি নাথৰ গাড়ী চালক উৎপল হুজুৰীয়ে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালত যোৱা নিশা চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা মজিবৰ ৰহমানৰ হত্যাৰ অপৰাধত ৰঙিয়া আৰক্ষীয়ে উৎপল হুজুৰীক গ্ৰেপ্তাৰ কৰিছে । প্ৰাপ্য তথ্য মতে বৃহস্পতিবাৰে সন্ধিয়া এটি জলকীয়াক কেন্দ্ৰ কৰি দুয়োজন জোৱানৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় । ইয়াৰ পিছতে দুয়োৰে মাজত সংঘটিত সংঘৰ্ষত বেয়া ধৰণে আঘাট পায় মজিবৰ ৰহমান । পাকস্হলীত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত মজিবৰক শুক্ৰবাৰে স্হানীয় চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হয় । প্ৰাথমিক চিকিৎসাৰ অন্তত জোৱান জনক উন্নত চিকিৎসাৰ বাবে জিএমচিএইচত ভৰ্ত্তি কৰে যদিও চিকিৎসাধীন অৱস্থাতে শনিবাৰে মজিবৰ ৰহমানৰ মৃত্যু হয় ।মজিবৰ ৰহমানৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰ্তমান জিএমচিএইচত ৰখা হৈছে । এই চাঞ্চল্যকৰ ঘটনাটো শনিবাৰে নিশাহে ভালদৰে পোহৰলৈ আহে।
ঘটনা সন্দৰ্ভত মজিবৰ ৰহমানৰ পৰিয়ালৰ ফালৰ পৰা গৃহৰক্ষী বাহিনীৰ জোৱান উৎপল হুজুৰীৰ বিৰুদ্ধে এক গোচৰ তৰা হৈছে । ৰঙিয়া আৰক্ষীয়েও বিষয়টো সন্দৰ্ভত এটি গোচৰ ৰুজু কৰিছে।ইফালে অসম গৃহৰক্ষী বাহিনী কল্যাণ সমিতিয়ে গোটেই ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে । ডি আই জি পৰ্যায়ৰ শীৰ্ষ বিষয়াৰ দ্বাৰা ঘটনাটোৰ তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদানৰ দাবী তুলিছে সমিতিৰ সম্পাদক ইক্ৰাম আলীয়ে । লগতে মজিবৰ ৰহমানৰ পৰিয়ালৰ লোকক উপযুক্ত ক্ষতিপূৰণ , এটি চৰকাৰী চাকৰি দিয়াৰ বাবেও চৰকাৰৰ ওচৰত দাবী তুলিছে । ৰঙিয়াৰ এই ঘটনাই আৰক্ষীৰ ভিতৰ চৰাৰ অনুশাসন হীনতাক প্ৰমাণিত কৰিছে বুলি চৰ্চিত হৈছে ।
Byte : অ'চি ৰঙিয়া ।
:সম্পাদক , গৃহৰক্ষী বাহিনীConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.