ETV Bharat / state

Historical Arimattha tassel: নিশ্চিহ্ন হোৱাৰ দিশে ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় - আৰিমত্ত গড়টো ৰজা আৰিমত্তই ৰাজ্য ৰক্ষাৰ নিমিত্তে নিৰ্মাণ

অস্তিত্বৰ সংকটত ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড় ৷ পুঠিমাৰী নৈৰ মথাউৰি চিঙি অসমৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ আৰিমত্ত গড়টো এফালৰ পৰা নৈৰ প্ৰৱল সোঁতে খহাই নিয়াত চিন্তিত অঞ্চলটোৰ স্থানীয় ৰাইজ ৷ শীঘ্ৰেই গড়টো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ আহ্বান জনালে স্থানীয় ৰাইজে ৷

Historical Arimattha tassel of Rangia in Crisis
নিশ্চিহ্ন হোৱাৰ দিশে ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়
author img

By

Published : Jul 20, 2022, 2:20 PM IST

ৰঙিয়া, 20 জুলাই : নিশ্চিহ্ন হোৱাৰ পথত ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়(Historical Arimattha tassel of Rangia in Crisis) । ৰঙিয়াৰ লগতে ৰাজ্যৰ গৌৰৱোজ্জ্বল ইতিহাসৰ সম্পদ হিচাপে চিহ্নিত আৰিমত্ত গড়ৰ বৃহৎ এটা অংশ ৰঙিয়াৰ মাদৈকাটাত খহাই নিয়ে প্ৰলয়ংকাৰী বানে । বিগত ১৬ জুনত পুঠিমাৰী নৈৰ মথাউৰি চিঙি অসমৰ ইতিহাসৰ এক অবিচ্ছেদ্য অংগ আৰিমত্ত গড়টো এফালৰ পৰা নৈৰ প্ৰৱল সোঁতে খহাই নিয়াত এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

ইতিহাস প্ৰসিদ্ধ আৰিমত্ত গড়টো বানৰ প্ৰৱল সোঁতে খহাই নিয়াত কুৰিখনৰো অধিক গাঁও প্ৰায় এমাহ ধৰি জলমগ্ন হৈ আছে । স্থানীয় ৰাইজে বহু চেষ্টা কৰিও ৰক্ষা কৰিব নোৱাৰিলে ঐতিহাসিক ৰজাদিনীয়া আৰিমত্ত গড়টো(Arimattha tassel of Rangia in Crisis) । যদি শীঘ্ৰেই বুৰঞ্জী প্ৰসিদ্ধ আৰিমত্ত গড়টো ভগ্ন অংশ পুনঃনিৰ্মাণ কৰা নহয় তেন্তে নৈৰ পানী বাঢ়িলেই বানত ডুব যাব কুৰিখনতকৈ অধিক গাঁও ।

নিশ্চিহ্ন হোৱাৰ দিশে ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়

ইফালে, ইতিহাস প্ৰসিদ্ধ এই গড়টোৰ ঠায়ে ঠায়ে গছ-গছনি কাটি তহিলং কৰিছে একাংশই । কৰ'বাত বেদখল অথবা কৰ'বাত মাটি খনন কৰিছে একাংশ‌ই । যদি এনেদৰেই চলি থাকে তেন্তে ঐতিহাসিক সমল থকা এই আৰিমত্ত গড়টো কালৰ গৰাহত হেৰাই যাব । সেয়ে অতি সোনকালে ঐতিহাসিক ৰজাদিনীয়া আৰিমত্ত গড়টো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰি সংৰক্ষণৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰলৈ অনুৰোধ জনাইছে ৰাইজে ।

Historical Arimattha tassel of Rangia in Crisis
নিশ্চিহ্ন হোৱাৰ দিশে ৰঙিয়াৰ ঐতিহাসিক আৰিমত্ত গড়

উল্লেখ্য যে, ১১৪২ খ্ৰীষ্টাব্দত অসমীয়াৰ গৌৰৱোজ্জল ইতিহাসৰ সম্পদ হিচাপে চিহ্নিত আৰিমত্ত গড়টো ৰজা আৰিমত্তই ৰাজ্য ৰক্ষাৰ নিমিত্তে নিৰ্মাণ কৰিছিল । গড়টোৰ পৰিসীমাৰ ভিতৰত থকা বাৰখন ৰাজহ গাঁৱৰ মুঠ মাটিকালিৰ পৰিমাণ ২৮,৯৬০ বিঘা, ৯ কঠা, ১৬ লেচা । বিভিন্ন জনগোষ্ঠীৰ বসতিস্থল আৰিমত্ত গড়ৰ এলেকাজুৰি । জনগাঠনি বৈচিত্ৰ পূৰ্ণ-হিন্দু, মুছলমান, অসমীয়া, বড়ো, কছাৰী, নেপালী, কলিতা, ব্ৰাহ্মণ, সুদ্ৰঃ, বৈশ্য, কোচ ৰাজবংশী আদি জাতি-জনগোষ্ঠী, ভাষা-বৰ্ণৰ লোকৰ মিলনভূমি আৰিমত্ত গড়ৰ এলেকাজুৰি ।

লগতে পঢ়ক : Farmers appeal: ৰঙিয়াৰ ধুহিবালাত কৃষকৰ আৰ্তনাদ: আমাক জীয়াই থাকিবলৈ কিবা এটা কৰক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.