আজাৰা, 25 জুনঃ মণিপুৰৰ ৰাজনৈতিক সংকট সমাধানৰ বাবে বুধাবাৰে মণিপুৰৰ চাৰি বিধায়ক আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে, দিল্লীলৈ ৰাওনা হৈছিল ৰাজ্যিক মন্ত্ৰী তথা নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা ৷ বুধাবৰে বিয়লি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পিচত বুধবাৰে নিশাই পুনৰ অসমলৈ উভতি আহে ৰাজনৈতিক নেতা কেইগৰাকী ৷
বৃহস্পতিবাৰে পুনৰ আটাইকেইগৰাকী নেতা চাটাৰ বিমানযোগে ৰাওনা হয় মণিপুৰ অভিমুখে ৷ সমগ্ৰ বিষয় সন্দৰ্ভত মণিপুৰৰ পৰা উভতি অহাৰ পিচত জনাব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়কঃ মণিপুৰৰ ৰাজনৈতিক অচলাৱস্থাঃ উদ্ধাৰকাৰীৰ ৰূপত হিমন্ত-কনৰাড