নিউজ ডেস্ক, 14 আগষ্ট : এতিয়াৰে পৰা ৰাষ্ট্ৰীয় ঘাইপথত আপুনি পূৰ্বতকৈ বৃদ্ধি কৰিব পাৰিব আপোনাৰ বাহনৰ গতিবেগ ৷ শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বাহনৰ গতিবেগৰ নতুন সীমা নিৰ্ধাৰণৰ পৰামৰ্শ দিয়ে ৷ পূৰ্বৰ 40 কিলোমিটাৰ প্ৰতি ঘন্টাৰ সলনি এতিয়াৰে পৰা বাহনৰ সৰ্বোচ্চ গতিবেগ হ’ব পাৰিব 60 কিলোমিটাৰ প্ৰতি ঘন্টা ৷
এই ক্ষেত্ৰত দুই এদিনতে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাইজক চূড়ান্ত সিদ্ধান্ত জনাব বুলি মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে । অসমৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহত নির্ধাৰিত গতিবেগৰ নিয়ম ভংগ কৰা চালকলৈ পৰিবহন বিভাগে ইণ্টাৰচেপ্ট ব্যৱহাৰ কৰি জৰিমনা প্ৰদান কৰা প্ৰক্ৰিয়াই সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।
কোনো ধৰণৰ সজাগতা বা নিৰ্দেশনা প্ৰদান নকৰাকৈয়ে এইদৰে ই-চালান প্ৰদানক লৈ একাংশ চালকৰ মাজত হাহাকাৰ সৃষ্টি হৈছিল ৷ ইয়াৰ পিচতে শনিবাৰে বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে, শুকুৰবাৰে বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই বিতৰ্ক সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কৈছিল ‘২০২০-২১ বৰ্ষত ৰাজ্যত ৭ হাজাৰ দুৰ্ঘটনা সংঘটিত হৈছিল । এই দুৰ্ঘটনাসমূহৰ ৭৫ শতাংশ অত্যাধিক গতিবেগৰ বাবেই হৈছিল ।’ ৰাষ্ট্ৰীয় ঘাইপথসমূহত ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আৰু ৰাজ্যিক পথসমূহত লোকনির্মাণ বিভাগে গতিবেগ নির্ধাৰণ কৰি দিয়ে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছিল পৰিবহন মন্ত্ৰীয়ে ।
তেওঁ লগতে কৈছিল, ২০২০ চনত যান–বাহন আইন সংশোধন কৰা হৈছে । এই সংশোধন অনুসৰি অত্যাধিক গতিবেগৰ বাবে পূর্বৰ ৪০০ টকাৰ ঠাইত জৰিমনা ২,০০০ টকালৈ বৃদ্ধি কৰা হৈছে ৷ ইয়াক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে নিজে বিষয়টোত হস্তক্ষেপ কৰি ৰাষ্ট্ৰীয় ঘাইপথত সৰ্বাধিক গতিবেগ ৪০ৰ পৰা ৬০লৈ বৃদ্ধিৰ এক প্ৰকাৰ নিৰ্দেশ দিয়ে ৷
গতিবেগৰ সৰ্বোচ্চ সীমা বৃদ্ধি কৰাৰ সমান্তৰালকৈ স্পীড লিমিডৰ জৰিমনাৰ ক্ষেত্ৰতো থাকিব কিছু শিথিলতা ৷ প্ৰথমবাৰতে স্পীড লিমিট অতিক্ৰম কৰিলে ভৰিব নালাগে জৰিমনা ৷ প্ৰথমবাৰ নীতি ভংগকাৰীৰ বিৰুদ্ধে জাৰি কৰা হ'ব জাননী আৰু তাৰ পাছতহে বিহা হ’ব জৰিমনা ।
লগতে পঢ়ক : মহানগৰীত ড্ৰাগছেৰে জন্মদিনৰ পাৰ্টী : আৰক্ষীৰ জালত ১৮ জনকৈ যুৱক-যুৱতী