ETV Bharat / state

তৰুণ গগৈক ঔৰংগজেৱ আৰু আজমলৰ বংশধৰ আখ্যা কোনে দিলে ? - গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলা

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সমালোচনা মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ তৰুণ গগৈৰ অন্ধ পুত্ৰস্নেহৰ বাবেই কংগ্ৰেছ দলৰ অৱনতি ঘটিছে বুলি আমিনগাঁওস্থিত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলাত অনুষ্ঠিত সভাত মন্তব্য আগবঢ়ায় মন্ত্ৰী গৰাকীয়ে ৷

Himanta Biswa Sarma criticised Tarun gogoi
তৰুণ গগৈক ঔৰংগজেৱ আৰু আজমলৰ বংশধৰ আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Aug 22, 2020, 8:27 PM IST

বাইহাটা, 22 আগষ্ট: শনিবাৰে আমিনগাঁওস্থিত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বাংলাত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সমালোচনা কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

সভাত মন্ত্ৰী ড৹ শৰ্মাই কয় যে, "তৰুণ গগৈ ঔৰংগজেৱ আৰু আজমলৰ বংশধৰ । নিৰ্বাচন আহিলেই কাৰোবাৰ তেজ তৰুণ গগৈৰ দেহত আহি যায় ৷ অন্ধ পুত্ৰস্নেহত বন্দী তৰুণ গগৈ ৰাজ্যৰ ৰাজনৈতিক ইতিহাসত চিৰদিনলৈ এক উদাহৰণ হৈ থাকিব । তেওঁৰ অন্ধ পুত্ৰ স্নেহৰ বাবেই 2016 চনত কংগ্ৰেছ হাৰিছে’’ ৷ অন্ধ পুত্ৰস্নেহত বন্দী তৰুণ গগৈৰ বাবেই কংগ্ৰেছ দল ডুবিছে বুলি বিস্ফোৰক মন্তব্য দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

তৰুণ গগৈক ঔৰংগজেৱ আৰু আজমলৰ বংশধৰ আখ্যা হিমন্ত বিশ্ব শৰ্মাৰ

লগতে তেওঁ সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে, গৃহমন্ত্ৰীৰ নিৰ্দেশ লাভ কৰাৰ পাচতেই ৰাজ্যৰ বিদ্যালয়সমূহ পুনৰ মুকলিৰ সিদ্ধান্ত গ্ৰহণ কৰা হ’ব ৷ ইয়াৰোপৰি, অৰুণোদয় আঁচনি এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি অক্টোবৰৰ প্ৰথম সপ্তাহতে সমগ্ৰ ৰাজ্যত অৰুণোদয় আচঁনিৰ আধাৰত ১৯ লাখ পৰিয়ালক সাহাৰ্য প্ৰদান কৰিব বুলি মন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে ৷

উক্ত সভাত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাসহ উপস্থিত থাকে স‍াংসদ পল্লৱ লোচন দাস, বিধায়ক সত্যব্ৰত কলিতা, বিধায়ক প্ৰনৱ কলিতা, ৰেকিবুদ্দিন আহমেদ আৰু জিলা উপায়ুক্ত কৈলাশ কাৰ্তিক এন ৷

লগতে পঢ়ক: চলিত মাহৰ শেষত কটনত আৰম্ভ হ’ব নামভৰ্তি প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.