ETV Bharat / state

ৰাজনীতিৰ পথাৰলৈ শিল্পীৰ আগমন সন্দৰ্ভত হিমাংশু প্ৰসাদ দাসৰ প্ৰতিক্ৰিয়া

"কোনো গ্লেমাৰে জাতি এটাৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ মুখ্য হ'ব নোৱাৰে,পৃথিৱীৰ বিপ্লৱী ইতিহাসে ইয়াক বাৰে বাৰে প্ৰমাণ কৰিছে "। এই মন্তব্য হিমাংশু প্ৰসাদ দাসৰ ৷

author img

By

Published : Aug 28, 2020, 4:33 PM IST

Updated : Aug 28, 2020, 5:34 PM IST

ৰাজনীতিৰ পথাৰলৈ শিল্পীৰ আগমনক লৈ হিমাংশু প্ৰসাদ দাসৰ প্ৰতিক্ৰিয়া
Himangshu Das's reaction about Artist move to Political party

আজাৰা, 28 আগষ্ট: শেহতীয়াকৈ বিভিন্ন ৰাজনৈতিক দললৈ ঘটা শিল্পীৰ আগমন সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে যুৱ নাট্যকাৰ তথা অভিনেতা হিমাংশু প্ৰসাদ দাসে ৷ লগতে বিগত দিনকেইটাত "কা" আন্দেলনত সক্ৰিয় ভুমিকা পালন কৰা একাংশ অভিনেতা আৰু গায়কে নিজৰ স্থিতি সলনি কৰা সন্দৰ্ভতো মত প্ৰকাশ কৰিছে নাট্যকাৰ গৰাকীয়ে ৷ ৰাজনৈতিক দলত যোগদান কৰা সকলক সুবিধাবাদী আখ্যা দিয়াৰ লগতে একাংশ মুষ্টিমেয় সাংস্কৃতিক কৰ্মীয়ে ৰাজনীতিত যোগদান কৰা মানেই অসমৰ সমগ্ৰ সাংস্কৃতিক কৰ্মীক নুবুজায় বুলি উল্লেখ কৰে নাট্যকাৰ গৰাকীয়ে৷ লগতে এটা সময়ত "কা" আন্দোলনত অংশগ্ৰহণ কৰা একাংশ শিল্পীয়ে কোনো যুক্তি নোহোৱাকৈ ৰাজনৈতিক দলত অন্তৰ্ভুক্ত হোৱাতো মুৰ্খামীক বাদে একো নহয় বুলি মন্তব্য কৰিলে যুৱ নাট্যকাৰ গৰাকীয়ে ।

ৰাজনীতিৰ পথাৰলৈ শিল্পীৰ আগমন সন্দৰ্ভত হিমাংশু প্ৰসাদ দাসৰ প্ৰতিক্ৰিয়া

ইয়াৰোপৰি "কা" আন্দোলনৰ সময়ত অংশগ্ৰহণ কৰা একাংশ শিল্পীয়ে তেওঁলোকে নুবুজাকৈ বা আবেগৰ বশৱৰ্তী হৈ আন্দোলন কৰা বুলি উল্লেখ কৰাৰ লগতে, কিছুমানে দুঃসাহস কৰি সেই "কা" আন্দোলনৰ শ্বহীদক দুষ্কৃতিকাৰী বুলি ক'বলৈও কুণ্ঠাবোধ নকৰা বিষয়টোক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে তেওঁ ৷ অভিনেতা গৰাকীয়ে লগতে উল্লেখ কৰে যে, অসমৰ ৰাজনীতিত কেতিয়াবা ছাত্ৰসকলে আন কেতিয়াবা হাতত অস্ত্ৰ লৈ জংঘলৈ যোৱা সকলে অসমৰ ৰাইজক কেৱল প্ৰতৰণা কৰি আহিছে । অসমৰ জনসাধাৰণ কেৱল মাথো প্ৰতাৰণাৰে বলি হৈ আহিছে ৷ সেই সকল সুবিধাবাদীৰ চৰিত্ৰ আনকি ৰাজনৈতিক দল সকলেও বুজি পাই বুলি মন্তব্য কৰি এইসকল তথাকথিত শিল্পী কলা-কুশলীয়ে ৰাজনৈতিক দলৰ আদৰ্শৰ পৰিৱৰ্তে ব্যক্তিগত মুনাফা লাভৰ বাবেহে যোগদান কৰা বুলি মন্তব্য কৰে হিমাংশু প্ৰসাদ দাসে ৷ "কোনো গ্লেমাৰে জাতি এটাৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ মুখ্য হব নোৱাৰে,পৃথিৱীৰ বিপ্লৱী ইতিহাসে ইয়াক বাৰে বাৰে প্ৰমাণ কৰিছে ।" শিল্পী সকলে ৰাজনৈতিক দলত যোগদান কৰা সন্দৰ্ভত এই স্পষ্ট মত নাট্যকাৰ,পৰিচালক হিমাংশু প্ৰসাদ দাসৰ ৷

লগতে পঢ়কঃ ভাৰত-ম্যানমাৰ সীমান্তত আটক তিনি আলফা কেডাৰ

Last Updated : Aug 28, 2020, 5:34 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.