কামৰূপ, 1 জুনঃ সোমবাৰে কামৰূপৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয় পৰিদৰ্শন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ চিকিৎসালয় খনত বৰ্তমান চিকিৎসাধীন হৈ আছে ৭৯ গৰাকী কৰ'ণা আক্ৰান্ত লোক ৷ সোমবাৰে চিকিৎসালয় খনত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে বুজ লয় সমগ্ৰ পৰিস্থিত সম্পৰ্কে ৷
চিকিৎসাধীন বহু কেই গৰাকী কৰ'ণা আক্ৰান্ত ৰোগীয়ে চিকিৎসকক দুৰ্ব্যৱহাৰ পৰা বুলি অভিযোগ উত্থাপন হৈছে ৷ গুটখা চিগাৰেট খাই চিকিৎসালয়ৰ ভিতৰত উদ্ভণ্ডালি কৰাৰো অভিযোগ উত্থাপন হৈছে একাংশ ৰোগীৰ বিৰুদ্ধে ৷ যিসকল ৰোগীয়ে চিকিৎসা কৰ্মীক দুৰ্ব্যৱহাৰ কৰিব,তেনে ৰোগীৰ কোৱাৰেন্টাইনৰ সময়সীমা বৃদ্ধি কৰা হ'ব বুলি জানিবলৈ দিয়ে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে সামাজিক দুৰত্ব মানি নচলা আৰু মাস্ক পৰিধান নকৰা লোক ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃ কৰ'ণা নিৰ্মূল অৰ্থব্যৱস্থাৰ পৰিমাণ বৃদ্ধি কৰিবলৈ ৰিজাৰ্ভ বেংকে দূৰলৈ ভবা উচিত!