ETV Bharat / state

যৌতুক দাবীৰে পত্নীৰ ওপৰত নিৰ্যাতনৰ অভিযোগ - নিৰ্যাতন

ৰঙিয়াৰ গোৰেশ্বৰত বোৱাৰী নিৰ্যাতনৰ অভিযোগ ৷ যৌতুক দাবীৰে স্বামীয়ে 15 বছৰে শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন চলাই আহিছে পত্নীৰ ওপৰত ৷

harresment at rangia
ৰঙিয়াত নিৰ্যাতন
author img

By

Published : Dec 31, 2020, 12:52 PM IST

Updated : Dec 31, 2020, 1:12 PM IST

ৰঙিয়া,31 ডিচেম্বৰ : ৰঙিয়াত পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক ঘটনা । গোৰেশ্বৰ ভোগপুৰৰ বোৱাৰী ৰুকিয়া বেগমৰ ওপৰত স্বামী চাহাজুল হকে শাৰীৰিক তথা মানসিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ৰঙিয়াত নিৰ্যাতন

পত্নী ৰুকিয়া বেগমৰ অভিযোগ অনুসৰি,যৌতুক দাবী কৰি সুদীৰ্ঘ 15 বছৰে সাধাৰণ কথাতে মাৰ-ধৰ কৰি আহিছে স্বামীয়ে । যৌতুকৰ নামত দাবী কৰা লক্ষাধিক টকা দিব নোৱাৰাৰ বাবে আক্ৰমণ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে বোৱাৰী গৰাকীক । সম্প্ৰতি বোৱাৰী গৰাকীয়ে আশ্ৰয় লৈছে মাতৃৰ বাসগৃহত ।

11 বছৰীয়া সন্তানৰ মাতৃ ভুক্তভোগী ৰুকিয়াই গোৰেশ্বৰ আৰক্ষী থানা আৰু কামৰূপ আৰক্ষী অধীক্ষকৰ ওচৰত স্বামীৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ দাখিল কৰে । কিন্তু স্বামীয়ে গোৰেশ্বৰৰ পৰা পলায়ন কৰি ঢেকিয়াজুলিৰ অন্য এগৰাকী মহিলাৰ সৈতে সম্পৰ্ক গঢ়ি তাত পলাই থকাৰ অভিযোগ উত্থাপন কৰিছে পত্নী ৰুকিয়া বেগমে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব‍্যাহত ৰাখিছে ।

লগতে পঢ়ক : মাদ্ৰাছা বন্ধৰ বিধেয়ক গৃহীতক লৈ কৰিমগঞ্জত তীব্ৰ প্ৰতিবাদ

Last Updated : Dec 31, 2020, 1:12 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.