বাইহাটা, 3 জুন : সমগ্ৰ ৰাজ্যত এতিয়া তীব্ৰতৰ হৈছে ড্ৰাগছ বিৰোধী অভিযান । যাৰ বাবে ড্ৰাগছ সৰবৰাহকাৰীয়ে সঘনাই সলাইছে কৌশল । এইবাৰ সেনাৰ গাড়ীত উদ্ধাৰ হৈছে ড্ৰাগছ ! বিলাসী বাহনত ভাৰতীয় সেনাৰ লগ' ব্যৱহাৰ কৰি চাইৰেন বজাই আৰক্ষীৰ চকুত ধূলি দি এতিয়া ড্ৰাগছ লৈ ঘূৰি ফুৰিছে ড্ৰাগছ সৰবৰাহকাৰীয়ে ।
হাজো আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ সৰবৰাহকাৰী নাৰায়ণ চন্দ্ৰ কলিতা নামৰ এজন লোক । এখন বিলাসী বাহনত ভাৰতীয় সেনাৰ বাবে ক'ভিড প্ৰতিষেধক কঢ়িয়াই নিয়াৰ চলেৰে ড্ৰাগছ সৰবৰাহ কৰিছিল লোকজনে । বুধবাৰে সন্ধিয়া হাজো আৰক্ষী থানাৰ সন্মুখত নিয়মীয়া নাকা চেকিঙত নাৰায়ণ কলিতা আৰক্ষীৰ জালত পৰাৰ পাছতেই পোহৰলৈ আহিল বহু বিষ্ফোৰক তথ্য ।
নাৰায়ণক লগত লৈ মহানগৰীৰ বশিষ্ঠৰ নালাপাৰত নাৰায়ণৰ ভাড়াঘৰত হাজো আৰক্ষীয়ে ড্ৰাগছ বিৰুদ্ধে চলায় অভিযান । উক্ত অভিযানত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট । ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় এটা এয়াৰ গান, কেইবা যোৰ সেনাৰ পোছাক আৰু আন এখন ভাৰতীয় সেনাৰ লগ' সম্বলিত চাৰি চকীয়া বাহন আৰু গাড়ীত লগোৱা ভুৱা নাম্বাৰপ্লেট ।
উল্লেখ্য যে, হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বাবুল মেধিৰ নেতৃত্বত চলা এই অভিযানত এতিয়া পোহৰলৈ আহিছে আন কেতবোৰ বিষ্ফোৰক তথ্য। কি দৰে কৌশল সলনি কৰি ড্ৰাগছৰ সাম্ৰাজ্য গঢ়িছে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে !
ড্ৰাগছৰ এই ৰমৰমীয়া বেহাত আৰক্ষীৰ সন্দেহ কেৱল অসমতেই নহয় কেইবাখনো চুবুৰীয়া ৰাজ্যতো এইসকল ড্ৰাগছ সৰবৰাহকাৰীৰ আছে অবাধ ৰাজত্ব । কিয়নো ড্ৰাগছ সৰবৰাহকাৰী নাৰায়ণ কলিতাৰ ভাৰাঘৰত উদ্ধাৰ হৈছে নাগালেণ্ড মণিপুৰকে ধৰি কেইবাখনো ৰাজ্যৰ গাড়ীৰ নম্বৰ প্লেট । ৰাজ্যত এতিয়া এনেকৈয়ে চাইৰেন বজাই সেনাৰ লগ’ লগাই ঘূৰি ফুৰিছে ড্ৰাগছ সৰবৰাহকাৰীসকল ।
লগতে পঢ়ক : চিকিৎসাকৰ্মীক পুনৰ প্ৰহাৰ: আটক চাৰিজন