গুৱাহাটী,19 জুন : উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় চাৰি হাজাৰ যাত্ৰীয়ে হজৰ বাবে যাত্ৰা কৰিব মক্কালৈ । 04 জুলাই পৰা 19 জুলাইলৈ প্ৰত্যেক দিনে 150 হজযাত্ৰী মক্কালৈ যোৱাৰ ব্যৱস্থা ।
উত্তৰ পূূবৰ হজ কমিটিৰ কার্যকৰী কমিটিৰ অধ্যক্ষ নেকিবুৰ জামানে কয় যে, এবাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় চাৰি হাজাৰ যাত্ৰী মক্কালৈ হজৰ বাবে যাত্ৰা কৰিব । 02 জুলাইত গুৱাহাটী ইছলামপুৰ থকা হাজি মুছাফিৰ খানাত উত্তৰ পূৰ্বৰ হজযাত্ৰী সকল একত্ৰিত হ'ব । হজ যাত্ৰী সকলক অসম চৰকাৰ আৰু উত্তৰ পূৰ্ব হজ কমিটিয়ে বিদায় জনাব । এই অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল পৰ্যটন মন্ত্ৰী চন্দন ব্ৰক্ষ্ম, কৃষি মন্ত্ৰী অতুল বৰা, বাংলাদেশৰ উচ্চায়ুক্তকে ধৰি বহুকেইজন নেতা মন্ত্ৰী উপস্থিত থাকিব ।
04 জুলাই পৰা 19 জুলাইলৈ প্ৰত্যেক দিনে 150 হজ যাত্ৰী মক্কালৈ যাব হজৰ বাবে । প্ৰায় 4000 হজযাত্ৰীৰ 550 জন উত্তৰ পূৰ্বৰ হজযাত্ৰী কলকাতা পৰা মক্কা লৈ যাত্ৰা কৰিব ৷ বাকী হজযাত্ৰীসকল গুৱাহাটী পৰা পোনে পোনে বিমান যোগে মক্কা লৈ যাব। উত্তৰ পূৰ্বৰ হজ যাত্ৰী সকলৰ সা-সুবিধাৰ বাবে 22 জনীয়া এটা দল অসম চৰকাৰে মক্কালৈ প্ৰেৰণ কৰিব।