ETV Bharat / state

অসমৰ পাট-মুগাক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস ডিজাইনাৰ পৰিস্মীতাৰ - পৰিস্মীতা দাসৰ

পৰিস্মীতা দাসে ডিজাইনাৰ কৰা পাট-মুগাৰ সাজপাৰ পিন্ধি ৰেম্পত সুন্দৰী মডেলৰ লয়লাস। কামৰূপৰ বৰঝাৰস্থিত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত ফেশ্বন শ্ব'ৰ আয়োজন। সমগ্ৰ বিশ্বতে অসমৰ পাট-মুগা শিল্পৰ প্ৰসাৰৰ উদ্দেশ্যেৰে ডিজাইনাৰ পৰিস্মীতা দাসৰ নেতৃত্বত ফেশ্বন শ্ব'ৰ আয়োজন কৰা হয়।

অসমৰ পাট-মুগাক বিশ্ব দৰবাৰত উজ্বলাবলৈ প্ৰয়াস ডিজাইনাৰ পৰিস্মিতা দাসৰ

author img

By

Published : Oct 16, 2020, 5:07 PM IST

দক্ষিণ কামৰূপ, ১৬ অক্টোবৰ: সমগ্ৰ বিশ্বতে অসমৰ পাট-মুগা কাপোৰৰ আদৰ বৃদ্ধি কৰিবলৈ প্ৰয়াস কৰিছে ডিজাইনাৰ পৰিস্মীতা দাসে। বৃহস্পতিবাৰে নিশা কামৰূপৰ বৰঝাৰস্থিত হোটেল কিৰণশ্ৰী গ্ৰেণ্ডত অনুষ্ঠিত হয় এক ফেশ্বন শ্ব'। পাট-মুগাৰ চাদৰ মেখেলাই বিশ্বজুৰি জনপ্ৰিয়তা লাভ কৰি আহিছে। এইবাৰ পাট-মুগাৰ আধুনিক সাজপাৰ প্ৰস্তুত কৰি ব্যতিক্ৰমী ধৰণে প্ৰসাৰৰ চেষ্টা কৰিছে পৰিস্মীতা দাসে।

অসমৰ পাট-মুগাক বিশ্ব দৰবাৰত উজ্বলাবলৈ প্ৰয়াস ডিজাইনাৰ পৰিস্মীতা দাসৰ

হৃদয়ৰ উদ্যোগত অনুষ্ঠিত ফেশ্বন শ্ব'ত পাট-মুগাৰ আধুনিক সাজপাৰ পৰিধান কৰি ৰেম্পত খোজ দিলে মডেলে। কৰ'ণা মহামাৰীৰ বাবে ৭মাহে বন্ধ হৈ থকা টেক্সটাইল উদ্যোগক পুনৰ নতুন ৰূপত গঢ়ি তুলিবলৈ কটনলাইন আৰু হেণ্ডলুম চিল্ক লাইন এই দুটা কালেকচনৰ আধুনিক সাজপাৰ প্ৰদৰ্শন কৰা হয়। ফেশ্বন শ্ব'টোত অসমীয়া ছবিজগতৰ জনপ্ৰিয় অভিনেত্ৰী নিশিতা গোস্বামী,ৰিম্পী দাস,প্ৰীতি কংকনা উপস্থিত থাকে।

লগতে কামৰূপৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আনহাতে, অসমৰ শিপিনীসকলৰ হাতে বোৱা সাজপাৰসমূহ লৈ ন-ৰূপত ডিজাইন কৰি বিশ্বৰ দৰবৰাত জনপ্ৰিয়তা বৃদ্ধি কৰিবলৈ পৰিস্মীতা দাসে লোৱা পদক্ষেপক সকলোৱে প্ৰশংসা কৰে।

লগতে পঢ়ক:SSR গোচৰৰ তদন্ত অব্যাহত আছে : চিবিআই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.