ETV Bharat / state

Gunotsav 2023: চাৰিটা ভাষাত বাৰ্তালাপ কৰিবলৈ শিক্ষকক আহ্বান শিক্ষা উপদেষ্টা ননী গোপাল মহন্তৰ

অসম-মেঘালয় সীমান্তৰ গোহালকোণা হাইস্কুলত গুণোৎসৱ সম্পন্ন (Gunotsav at Gohalkona High School)। এই হাইস্কুলখনত বহী পৰ্যবেক্ষক হিচাবে অংশগ্ৰহণ কৰে শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তই । তেওঁ বিদ্যালয়খনত গাৰো মাধ্যমৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি আশ্বাস দিয়ে ।

author img

By

Published : Jan 22, 2023, 2:06 PM IST

Gunotsav at Assam Meghalaya border
অসম-মেঘালয় সীমান্তৰ গোহালকোণা হাইস্কুল
অসম-মেঘালয় সীমান্তৰ গোহালকোণা হাইস্কুল

বকো, ২২ জানুৱাৰী: অসম-মেঘালয় সীমান্তৱৰ্তী গোহালকোণা হাইস্কুলৰ শনিবাৰে প্ৰথম পৰ্যায়ৰ গুণোৎসৱৰ অন্তিমদিনা বহী পৰ্যবেক্ষক হিচাবে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ননী গোপাল মহন্তই (Gunotsav at Assam Meghalaya border)। ১৯৪৮ চনত স্থাপন হোৱা গাৰো মাধ্যমৰ বিদ্যালয়খনত উপদেষ্টাগৰাকী উপস্থিত হৈ বিদ্যালয়খনৰ চৌপাশৰ উপৰি মধ্যাহ্ন ভোজনৰ ৰান্ধনীশাল পৰ্যবেক্ষণ কৰে । মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে উপযুক্ত মাননি পাইছে নে নাই সেই সন্দৰ্ভতো তেওঁ বুজ লয় ।

শিক্ষা বিভাগৰ উপদেষ্টাগৰাকীয়ে বিদ্যালয়খনত গুণোৎসৱৰ ১২০ গৰাকী পৰীক্ষাৰ্থীৰ সৈতে মত-বিনিময় কৰি পৰীক্ষাৰ বহী নিৰীক্ষণ কৰে (Advisor of Education Department) । তেওঁ একেলগে ছাত্ৰ-ছাত্ৰীৰ সৈতে মধ্যাহ্ন ভোজনো গ্ৰহণ কৰে । শিক্ষক-শিক্ষয়িত্ৰী আৰু ৰাইজৰ সৈতে মতবিনিময় কৰি উপদেষ্টাগৰাকীয়ে বিদ্যালয়খনত শিক্ষাগত মান উন্নত কৰিবলৈ শিক্ষাৰ্থীসকলৰ সৈতে গাৰো, ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষাত বাৰ্তালাপ কৰিবলৈ শিক্ষকসকলক আহ্বান জনায় । বিদ্যালয়খনত উপস্থিত থাকে কামৰূপ জিলা মিছন সমন্বয়ক অপূৰ্ব ঠাকুৰীয়া, গুণোৎসৱৰ বহী মূল্যায়ক ড৹ প্ৰাণেশ্বৰ নাথ, বকো শিক্ষা খণ্ডৰ খণ্ড শিক্ষা সম্প্ৰসাৰণ বিষয়া যুগল দাস, জিলা শিক্ষা বিষয়া, ব্লক শিক্ষা বিষয়া, সমাজকৰ্মী জনছন জেচাংমা, প্ৰধান শিক্ষক ইছেনহোৱাৰ মাৰাক আদি ।

শিক্ষা বিভাগ উপদেষ্টা ননী গোপাল মহন্তই কয় যে, বৰ্তমান বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । এই বিদ্যালয়খনত শিক্ষক আৰু বিদ্যালয় পৰিদৰ্শকৰ নেতৃত্বত গুণগত পৰিবৰ্তন হোৱাত অভিভূত বুলি উল্লেখ কৰি কয় যে অনাগত দিনত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত উজ্বলৰ বাবে বিদ্যালয়খনে সহায় কৰিব । একেদৰে বিদ্যালয়খনত চকীদাৰসহ গাৰো মাধ্যমৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলিও তেওঁ কয় । ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণী অন্তৰ্গত গাৰো মাধ্যমৰ বিদ্যালয়খনত অষ্টম শ্ৰেণীৰ পৰা ইংৰাজী মাধ্যমত ছাত্ৰ- ছাত্ৰীসকলে অধ্যয়ন কৰিবলগীয়া হোৱা বাবে বিগত বৰ্ষত এই বিদ্যালয়খনত মেট্ৰিকৰ ফলাফল যথেষ্ট বেয়া বুলি তেওঁ মন্তব্য কৰে । সেই বাবে শিক্ষকসকলক ছাত্ৰ- ছাত্ৰীসকলৰ সৈতে চাৰিটা ভাষাত বাৰ্তালাপ কৰিবলৈ আহ্বান জনায় ।

ছগৰাকী শিক্ষকেৰে পাঠদান চলাই থকা বিদ্যালয়খনত ৰাইজে উপদেষ্টাগৰাকীক কয় যে, বিদ্যালয়খনত গাৰো ভাষাৰ শিক্ষকৰ অভাৱৰ বাবে শিক্ষাৰ মান উন্নত হোৱা নাই । সেয়েহে তৎকালীনভাৱে শিক্ষক নিযুক্তি দিবলৈ ৰাইজে তেওঁক আহ্বান জনায় । একেদৰে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ৰ অধ্য়াপক তথা গুণোৎসৱৰ বহী মূল্যায়ক ড৹ প্ৰাণেশ্বৰ নাথে কয়," বিদ্যালয়খত সীমান্তৱৰ্তী এলেকাৰ বহু ছাত্ৰ-ছাত্ৰী অধ্যয়নৰত । ছাত্ৰ- ছাত্ৰীসকল প্ৰায় প্ৰতিটো ক্ষেত্ৰত জানিবলৈ ইচ্ছুক। কিন্তু শিক্ষাৰ ক্ষেত্ৰত ভাষাৰ তাৰতম্যৰ বাবে আগবাঢ়ি যোৱাত বাধাগ্ৰস্থ হৈছে । গতিকে গাৰো ভাষাৰ শিক্ষক দিলে ছাত্ৰ- ছাত্ৰীসকল উপকৃত হ'ব পাৰিব ।"

লগতে পঢ়ক:Heart Patient treatment: ২৬ জানুৱাৰীত আহমেদাবদলৈ প্ৰেৰণ কৰা হ'ব হৃদৰোগত আক্ৰান্ত শিশুৰ প্ৰথমটো দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.