ETV Bharat / state

Mustard Cultivating in Rangia: সৰিয়হ খেতিৰে স্বাৱলম্বী হোৱাৰ প্ৰয়াস ৰঙিয়াৰ এদল উদ্যমী যুৱকৰ - youths trying to become self sufficient

কেইজনমান উদ্যমী যুৱকে আৰম্ভ কৰিছে সেউজ বিপ্লৱৰ । দিনৰাতি একাকাৰ কৰি পথাৰত সোণাৱালী সপোন ৰচাৰ প্ৰয়াস যুৱককেইজনৰ । ৫০ বিঘা মাটিত সৰিয়হৰ খেতি কৰি স্বাৱলম্বিতাৰ নিৰ্দশন দেখুৱাইছে যুৱককেইজনে (Mustard Cultivating in Rangia) ।

Youth tries to become financially self reliant by cultivating mustard in Rangia
৫০ বিঘা মাটিত সৰিয়হ খেতি
author img

By

Published : Jan 2, 2023, 2:02 PM IST

৫০ বিঘা মাটিত সৰিয়হ খেতি

ৰঙিয়া, 2 জানুৱাৰী: ৰাজ্যৰ নিবনুৱা সমস্যা কোনো নতুন কথা নহয় ৷ নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত হৈ দুশ্চিন্তাত ৰাজ্যৰ বহু নিৱনুৱা ৷ চাকৰি বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে নিৱনুৱা যুৱক-যুৱতীসকল ৷ ইয়াৰ মাজতে ৰাজ্যৰ হেজাৰ হেজাৰ যুৱকে কৰ্ম সংস্থাপনৰ পথ বিচাৰি উপাইবিহীন হৈ বহিঃৰাজ্যলৈ ঢপলিয়াইছে ৷ কাৰণ তেওঁলোকক লাগে কেৱল সংস্থাপন ৷ আজি আমি কম এনে এদল উদ্যমী যুৱকৰ কথা যিয়ে চাকৰিৰ আশাত বহি নাথাকি অথবা কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ নগৈ নিজ দেশতে তথা নিজ ভূমিতে বিচাৰি উলিয়াইছে কৰ্মসংস্থাপনৰ পথ ৷

হয়, সৰিয়হ বিপ্লৱৰ সূচনা কৰি আদৰ্শৰ পথ দেখুৱাইছে ৰঙিয়াৰ এদল উদ্যমী যুৱকে । সৰিয়হ খেতিৰে সংস্থাপনৰ বাট মোকলাবলৈ সক্ষম হৈছে যুৱকৰ দলটোৱে । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া সেউজ বিপ্লৱৰ সূচনা হোৱা পৰিলক্ষিত হৈছে । তদ্ৰুপ ৰঙিয়া সমষ্টিৰ অন্তৰ্গত তুলসীবাৰীৰ এদল উদ্যমী যুৱকে আৰম্ভ কৰিছে সেউজ বিপ্লৱ । থলুৱা যুৱককেইজনে দিনৰাতি একাকাৰ কৰি পথাৰত সোণাৱালী সপোন ৰচনাৰ প্ৰয়াসত ব্ৰতী হৈছে (Financially self reliant by cultivating mustard in Rangia) ।

লগতে পঢ়ক: কল খেতিৰে স্বাৱলম্বিতাৰ নিদর্শন দাঙি ধৰিছে ডিব্ৰুগড়ৰ এজন উদ্যমী যুৱকে

ৰাইন' ফাৰ্মাৰচ ক্লাবে তুলসীবাৰী কৃষি বীজ পামৰ পৰিত্যক্ত ৫০ বিঘা মাটিত সৰিয়হৰ খেতি কৰি লাভান্বিত হৈছে (Mustard Cultivating in Rangia) ‌। কৃষি সংঘটোৰ সদস্য কেইজনে কৃষিপথাৰত সৰিয়হৰ খেতি কৰি কৃষি ক্ষেত্ৰত এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। পূৰ্বতে ছন পৰা এই মাটিত কঠোৰ পৰিশ্ৰমেৰে এতিয়া মনোমোহা পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । যুৱককেইজনৰ প্ৰচেষ্টাত ছন পৰি থকা মাটিডৰাত হালধীয়া দলিচাৰ সৃষ্টি হোৱা পৰিৱেশে সকলোকে আকৰ্ষিত কৰিছে ।

স্থানীয় বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ দিহা-পৰামৰ্শ আৰু সহযোগিতাৰে এই কেইজন উদ্যমী যুৱকে মাটিডৰাত কৃষি কাৰ্য কৰিবলৈ সক্ষম হৈছে (Assam BJP president Bhabesh Kalita) । শিক্ষিত যুৱকক কৃষিৰ প্ৰতি আকৰ্ষিত কৰি কিদৰে স্বাৱলম্বী হ’ব পৰা যায়, এনে এক উদ্দেশ্যেৰে বিধায়কগৰাকীয়ে লোৱা পদক্ষেপৰ অংশ হিচাপে কৃষক সংঘটোৱে সৰিয়হৰ খেতি কৰে (Bhabesh Kalita on Mustard Cultivation)। জৈৱিক পদ্ধতিৰে সৰিয়হৰ খেতি কৰি এইসকল যুৱকে কৃষি কৰ্মত মনোনিবেশ কৰি আনন্দিত হৈ পৰে ।

লগতে পঢ়ক: তেজপুৰৰ যুৱকে লিচু খেতিৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.