ETV Bharat / state

ৰঙিয়াত এতিয়াৰে পৰা ৰাইজে ঘৰতে লাভ কৰিব অত্যাৱশ্যকীয় সামগ্ৰী - হোম ডেলিভাৰী

সান্ধ্য আইন জাৰি থকাৰ সময়তে ৰঙিয়াত আৰম্ভ হৈছে হোম ডেলিভাৰী সেৱা । ৰাইজৰ সুবিধাৰ্থে ৰঙিয়া প্ৰশাসন আৰু চেম্বাৰ্চ অৱ কমাৰ্চৰ সহযোগত আৰম্ভ কৰা হৈছে হোম ডেলিভাৰী সেৱা । প্ৰথম অৱস্থাত ৰঙিয়াৰ ৪ খন দোকানক এই সেৱা আগবঢ়াবলৈ অনুমতি দিয়া হৈছে ।

Grocery home delivery in Rangia
ৰঙিয়াত আৰম্ভ হৈছে হোম ডেলিভাৰী সেৱা
author img

By

Published : Jun 4, 2021, 9:32 PM IST

ৰঙিয়া, ৪ জুন: এতিয়াৰে পৰা ঘৰতে প্ৰয়োজনীয় সামগ্ৰী লাভ কৰিব ৰঙিয়াৰ ৰাইজে । ৰঙিয়াত আৰম্ভ হৈছে হোম ডেলিভাৰী সেৱা । কৰ'ণাৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰাৰ বাবে প্ৰশাসনে নিৰ্দিষ্ট সময়ৰ বাবে সান্ধ্য আইন জাৰি কৰিছে । চৰকাৰৰ নিৰ্দেশ অনুসৰি দিনৰ ১১ বজাতে দোকান-পোহাৰ বন্ধ কৰা হৈছে ।

সেয়ে, বজাৰৰ পৰা সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰত ৰাইজে অসুবিধাৰ সন্মুখীন হৈছে । ইফালে, কম সময়ৰ বাবে দোকানসমূহ খোলা হয় বাবে দোকানত যথেষ্ট ভিৰ হোৱা পৰিলক্ষিত হয় । সেয়ে, ৰাইজৰ সুবিধাৰ্থে ৰঙিয়াত চাৰিখন দোকানক হোম ডেলিভাৰী সেৱা আগবঢ়োৱাৰ অনুমতি দিয়া হৈছে । এতিয়াৰে পৰা গ্ৰাহকক ঘৰে ঘৰে গৈ সামগ্ৰীৰ যোগান ধৰা হ'ব ।

ৰঙিয়াত আৰম্ভ হৈছে হোম ডেলিভাৰী সেৱা

ৰঙিয়া প্ৰশাসন আৰু চেম্বাৰ্চ অৱ কমাৰ্চৰ সহযোগত ৰঙিয়াত আৰম্ভ হৈছে হোম ডেলিভাৰী সেৱা । প্ৰথম অৱস্থাত ৰঙিয়াৰ দাস ষ্টোৰ, এলাইট মাৰ্ট ,মাছুম ষ্টোৰ আৰু গীতাঞ্জলি এণ্টাৰপ্ৰাইজ এই ৪ খন দোকানৰ পৰা গ্ৰাহকে চাউল, দাইল, চেনী আদিকে ধৰি প্ৰয়োজনীয় সামগ্ৰী ফোন বা WhatsAppৰ জৰিয়তে সামগ্ৰীৰ অৰ্ডাৰ দিব পাৰিব ।

পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ উপলব্ধ হ'ব এই সেৱা । এই হোম ডেলিভাৰী সেৱা সম্পূৰ্ণ বিনামূলীয়া হ'ব । এই সেৱা ৰঙিয়াৰ ১০ টা ৱাৰ্ডত উপলব্ধ হ'ব । মহামাৰীৰ সংকটৰ সময়ত ঘৰতে থাকি এনেদৰে প্ৰয়োজনীয় সামগ্ৰী লাভ কৰিলে ৰাইজ উপকৃত হব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে কাকপথাৰৰ কাছিজানত মাস্ক বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.