ETV Bharat / state

মহিলা সৱলীকৰণৰ দিশত গ্ৰাম স্বৰাজ পৰিষদৰ অৱদান

author img

By

Published : Dec 4, 2019, 2:47 PM IST

মহাত্মা গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গ্ৰাম স্বৰাজ পৰিষদে মহিলাক সৱল কৰি তোলাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ বৰ্তমান ১৩০০ মহিলাক সংস্থাপনৰ বাট দেখুৱাইছে এই গ্ৰাম পৰিষদে ৷

১৩০০ মহিলাক সংস্থাপন
গ্ৰাম স্বৰাজ পৰিষদ

ৰঙিয়া, 4 ডিচেম্বৰ : ৰঙিয়াৰ গ্ৰাম স্বৰাজ পৰিষদ হৈছে জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শৰে বাট বুলা এটি স্বেচ্ছাসেৱী সংগঠন ৷ অঞ্চলটোৰ গ্ৰামাঞ্চলৰ মহিলাসকলক উৎপাদনমুখী কৰি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে এই পৰিষদে ৷ প্ৰদূষণৰ পৰা বহু যোজন দূৰত অৱস্থান কৰা এই গ্ৰাম স্বৰাজে বৰ্তমান ১৩০০ মহিলাক সংস্থাপনৰ বাট দেখুৱাইছে । ১৯৭৪ চনত প্ৰয়াত নিৰঞ্জন কলিতা আৰু বীৰেন্দ্ৰ বৰদলৈয়ে স্থাপন কৰা গ্ৰাম স্বৰাজ পৰিষদে মহিলা সবলীকৰণ আৰু উদ্যোগীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে । বিশেষকৈ গাঁৱৰ মহিলাসকলক প্ৰশিক্ষণ দিয়াৰ পাছত পলু যোগান ধৰে এই সংস্থাটোৱে ৷ পিছত মহিলাসকলে পলুৰ পৰা উৎপাদন হোৱা সূতা কাপোৰ পুনৰ গ্ৰাম স্বৰাজ পৰিষদকেই বিক্ৰী কৰে । ইয়াৰ দ্বাৰা ৰঙিয়া মহকুমাৰ প্ৰায় ১৩০০ মহিলা বৰ্তমান লাভান্বিত হৈছে ।

গ্ৰাম স্বৰাজ পৰিষদৰ অৱদান

ইয়াৰ উপৰিও গ্ৰাম স্বৰাজ পৰিষদৰ বিশাল উদ্যোগ ক্ষেত্ৰত পাট, মূগা, হাতে বনোৱা কাগজৰ ফাইল, খাটি সৰিয়হৰ তেল, মমবাতিকে আদি কৰি বিভিন্ন সামগ্ৰী উৎপাদন কৰা হয় । তাৰোপৰি এই বেচৰকাৰী সংস্থাটোৰ কাম-কাজ সুচাৰুভাৱে চলাই নিবলৈ প্ৰায় অৰ্ধ শতাধিক কৰ্মচাৰীয়ে কাম কৰে, যাৰে অধিকাংশ‌ই মহিলা কৰ্মচাৰী । মহাত্মা গান্ধীয়ে দেখুৱাই দিয়া পথেৰে আগবাঢ়ি গ্ৰাম স্বৰাজ পৰিষদে অঞ্চলটোৰ গ্ৰামাঞ্চলৰ মহিলাসকলক সুস্থিৰভাৱে উৎপাদনমুখী কৰি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।

আৰু পঢ়ক : পি চিদাম্বৰমৰ জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ

Intro:মহাত্মা গান্ধীয়ে দেখুৱাই দিয়া পথেৰে আগবাঢ়ি ৰঙিয়াৰ গ্ৰাম স্বৰাজ পৰিষদে অঞ্চলটোৰ গ্ৰামাঞ্চলৰ মহিলা সকলক লাহে লাহে কিন্তু সুস্থিৰ ভাৱে উৎপাদনমুখী কৰি তুলিছে।Body:বহু বছৰ আগতেই মহামানৱ মহাত্মা গান্ধীয়ে গ্ৰাম্য অৰ্থনীতি কেনেকৈ সবল কৰিব পাৰি দেখুৱাই থৈ গৈছিল। ৰঙিয়াৰ গ্ৰাম স্বৰাজ পৰিষদ হৈছে তেখেতৰ আদৰ্শৰে বাট বুলা এটি স্বেচ্ছাসেৱী সংগঠন। প্ৰদূষণৰ পৰা বহু যোজন দূৰত অৱস্থান কৰা এই গ্ৰাম স্বৰাজে বৰ্তমান ১৩০০ মহিলাক সংস্থাপনৰ বাট দেখুৱাইছে। ১৯৭৪ চনত প্ৰয়াত নিৰঞ্জন কলিতা আৰু বীৰেন্দ্ৰ বৰদলৈয়ে স্থাপন গ্ৰাম স্বৰাজ পৰিষদে মহিলা সবলিকৰণ আৰু উদ্যোগীকৰণত গুৰুত্বপূৰ্ণ ভূমিকা লৈ আহিছে। বিশেষকৈ গাৱৰ মহিলা সকলক প্ৰশিক্ষণ দিয়াৰ পিছত পলু যোগান ধৰে এই সংস্থাটোৱে। পিছত মহিলাসকলে পলুৰ পৰা উৎপাদন হোৱা সূতা কাপোৰ পুনৰ গ্ৰাম স্বৰাজ পৰিষদকেই বিক্ৰী কৰে। ইয়াৰ দ্বাৰা ৰঙিয়া মহকুমাৰ প্ৰায় ১৩০০ মহিলা বৰ্তমান লাভান্বিত হৈছে। ইয়াৰ উপৰিও গ্ৰাম স্বৰাজ পৰিষদৰ বিশাল উদ্যোগ ক্ষেত্ৰত পাট , মূগা , হাতে বনোৱা কাগজৰ ফাইল , খাটি সৰিয়হৰ তেল , মমবাতিকে আদি কৰি বিভিন্ন সামগ্ৰী উৎপাদন কৰা হয়। তাৰোপৰি এই বেচৰকাৰী সংস্থাটোৰ কাম কাজ সুচাৰুভাৱে চলাই নিবলৈ প্ৰায় অৰ্ধ শতাধিক কৰ্মচাৰীয়ে কাম কৰে , যাৰ অধিকাংশ‌ই মহিলা। মহাত্মা গান্ধীয়ে দেখুৱাই দিয়া পথেৰে আগবাঢ়ি গ্ৰাম স্বৰাজ পৰিষদে অঞ্চলটোৰ গ্ৰামাঞ্চলৰ মহিলা সকলক লাহে লাহে কিন্তু সুস্থিৰ ভাৱে উৎপাদনমুখী কৰি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
Bite:- সম্পাদক, গ্ৰাম স্বৰাজ পৰিষদ, ৰঙিয়াConclusion:বন্দনা শৰ্মা, ৰঙিয়া

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.