ETV Bharat / state

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শৌচালয় নিৰ্মাণত ব্যাপক অনিয়ম

ওপৰতে আচ্ছাদনখন দি মাটিৰে সংযোগ কৰা হৈছে শৌচালয়ৰ পাইপ । লগতে শৌচালয়ৰ উচ্চতাও তেনেই কম ৷ ক'ৰবাত পাঁচ ফুট, ক'ৰবাত তাতকৈ কম ৷ চৰকাৰী জোখতকৈ 1 ফুটতকৈ কম শৌচালয়ৰ উচ্চতা ৷

author img

By

Published : Sep 28, 2020, 2:49 PM IST

GOLAPARA
গোৱালপাৰা

বকো, 28 ছেপ্টেম্বৰঃ গোৱালপাৰা জিলাৰ ৰংজুলিত দুখীয়াৰ বাবে আৱণ্টিত শৌচালয় নিৰ্মাণত একাংশ NGOই ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ হিতাধিকাৰীয়ে ৷ ৰংজুলি গাঁও পঞ্চায়তৰ অন্তৰ্গত কায়স্থপাৰা গাঁৱত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শৌচালয় নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ হিতাধিকাৰীৰ ভাষ্য অনুসৰি, গাঁত নখন্দাকৈ মাটিৰ ওপৰতে মাত্ৰ দুশাৰী ইটা পাৰি বনোৱা হৈছে শৌচালয়ৰ টেংকি ৷

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ শৌচালয় নিৰ্মাণত ব্যাপক অনিয়ম

ওপৰতে আচ্ছাদনখন দি মাটিৰে সংযোগ কৰা হৈছে শৌচালয়ৰ পাইপ । লগতে শৌচালয়ৰ উচ্চতাও তেনেই কম ৷ ক'ৰবাত পাঁচ ফুট, ক'ৰবাত তাতকৈ কম ৷ চৰকাৰী জোখতকৈ 1 ফুটতকৈ বেছি কম শৌচালয়ৰ উচ্চতা ৷ ফলশ্ৰুতিত ক্ষোভিত হৈ কাম বন্ধ ৰখাৰ সিদ্ধান্ত লয় হিতাধিকাৰীয়ে ৷ কেৱল ইমানেই নহয় শৌচালয়টো ওখ কৰিবলৈ দিলে গৃহস্থৰ পৰা মিস্ত্ৰীয়ে অতিৰিক্তকৈ 500 টকাকৈ বিচাৰে বুলি গুৰুতৰ অভিযোগ কৰে হিতাধিকাৰীয়ে । ইফালে ১২,০০০ টকাৰ শৌচালয়টো মাত্ৰ দুই বেগ চিমেণ্টেৰে নিৰ্মাণ কৰিব লাগে বুলি স্বীকাৰোক্তি দিয়ে মিস্ত্ৰীয়ে ।

লগতে পঢ়কঃ বিহালীত মন্ত্ৰী ৰঞ্জিত দত্তৰ পথ আৰু দলঙৰ আধাৰশিলা স্থাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.