ETV Bharat / state

অসম সন্মিলিত মৰ্চা চমুকৈ 'অসম' নামেৰে জনা যাব বিৰোধী মিত্ৰজোঁটক - Assam oppositions alliance

Asom Sanmilita Morcha: কংগ্ৰেছৰ নেতৃত্বত গঠিত বিৰোধী ঐক্য মঞ্চক নতুন নামেৰে নামাকৰণ । অসম সন্মিলিত মৰ্চা চমুকৈ 'অসম' নাম দিয়া হ'ল বিৰোধী মিত্ৰজোঁটক ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Asom Sammilita Morcha
অসম সন্মিলিত মৰ্চা চমুকৈ অসম নামেৰে জনা যাব বিৰোধী মিত্ৰজোঁটক (ETV Bharat)

গুৱাহাটী,৫ অক্টোবৰ : সলনি হ'ল বিৰোধী ঐক্য মঞ্চৰ নাম । এতিয়াৰে পৰা 'অসম সন্মিলিত মৰ্চা' নামেৰে জনা যাব বিৰোধী ঐক্য মঞ্চক । শনিবাৰে এই কথা সদৰী কৰে মঞ্চৰ সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হৈ গঠন কৰিছিল বিৰোধী ঐক্য মঞ্চ । বিৰোধী ঐক্য মঞ্চত বৰ্তমান ১৬ টাকৈ ৰাজনৈতিক দল আছে । অৱশেষত বিৰোধী ঐক্য মঞ্চৰ নতুন নামকৰণ হ'ল । এতিয়াৰে পৰা বিৰোধী ঐক্য মঞ্চৰ নতুন নাম হৈছে 'অসম সন্মিলিত মৰ্চা' চমুকৈ অসম ।

বিৰোধী ঐক্য মঞ্চৰ নতুন নামকৰণ

এই কথা সদৰী কৰি সংবাদ মাধ্যমৰ সন্মুখত লুৰীণজ্যোতি গগৈয়ে কয়,"২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত আমি সকলো বিৰোধী ৰাজনৈতিক দল একত্রিত হৈছিলো আৰু বিৰোধী ঐক্য মঞ্চ, অসম গঠন কৰিছিলো । ১১ টাৰ পৰা ১৬ টালৈকে ৰাজনৈতিক শক্তি বৃদ্ধি হৈছে । এতিয়া আমি এটা কথা জানো যে ২০২৬ৰ বিধানসভা নিৰ্বাচনত বিজেপি পৰাভূত হোৱাটো এশ শতাংশ নিশ্চিত । আমি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল দেখিছো । শেহতীয়াকৈ অসমৰ চাৰিওফালে মুখ্যমন্ত্রীৰ কাম-কাজ আমি দেখিছো । তেওঁৰ অক্ষমতা প্ৰকাশ পাইছে । বিভিন্ন বিভাগত জমা হৈ থকা পুঁজি ৰাজকোষত জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অক্ষমতা, অকৰ্মণ্যতা দিনক দিনে প্ৰতিফলিত হৈছে ।"

অসম সন্মিলিত মৰ্চা চমুকৈ 'অসম' নামেৰে জনা যাব বিৰোধী মিত্ৰজোঁটক (ETV Bharat)

লক্ষ্য বিজেপিক পৰাজিত কৰা

লুৰীণজ্যোতিয়ে লগতে কয়, "২০২৬ৰ নিৰ্বাচনত বিজেপি পৰাজিত হোৱাটো এশ শতাংশ নিশ্চিত । এই কাৰণে আমি বিৰোধী ঐক্য মঞ্চ অসমৰ নামটো সলনি কৰি নতুন চিন্তা, নতুন উদ্যম আৰু নতুন পৰিকল্পনাৰে আগবাঢ়ি যাবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো । আমি সকলোৱে আলোচনা কৰি সৰ্বসন্মতভাৱে বিৰোধী ঐক্য মঞ্চৰ নতুন নাম 'অসম সন্মিলিত মৰ্চা' কৰিছো । সংক্ষেপে কোৱা হ'ব 'অসম'। এতিয়াৰে পৰা বিৰোধী ঐক্য মঞ্চক ৰাইজে অসম সন্মিলিত মৰ্চা চমুকৈ অসম নামেৰে জানিব পাৰিব ।"

লুৰীণজ্যোতি গগৈয়ে কয়, "ইয়াৰ মূল লক্ষ্যটোৱেই হ'ল যে ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ যুঁজাৰ বাবে আমি সকলোৱে ইতিমধ্যে ৰণকৌশল আৰম্ভ কৰিছো, সকলোৱে টঙালি বান্ধিছো । নতুন চিন্তা, নতুন উদ্যম, নতুন লক্ষ্য আৰু নতুন শক্তিৰে এইবাৰ অসম সন্মিলিত মৰ্চাই যুঁজিবৰ বাবে চিন্তা-চৰ্চা কৰিছো । ২০২৬ত অসম সন্মিলিত মৰ্চা অৰ্থাৎ অসম মিত্রজোঁটৰ চৰকাৰ অহাটো এশ শতাংশ নিশ্চিত । অসম মিত্রজোঁটৰ যোগেদি আমি পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হম । ইয়াৰ বাবে আলোচনা হ'ব । পঞ্চায়ত নিৰ্বাচনৰ পৰিসৰ বিশাল । উপ-নিৰ্বাচনতো আমি ঐক্যবদ্ধভাৱে যুঁজ দিম । যাতে কোনো কাৰণতে বিজেপি বিৰোধী ভোটৰ বিভাজন নহয় ।"

লগতে পঢ়ক :ধুবুৰীৰ পোটক তুলিব চামগুৰিত; উপ-নিৰ্বাচনৰ বাবে শক্তিশালী প্ৰাৰ্থীৰ সন্ধানত এ আই ইউ ডি এফ - Assam Bye Poll 2024

১০ টকীয়া টিকট কাটি জাহাজত উঠিল প্ৰাক্তন বিধায়ক - Jiten Gogoi Join AJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.