নৱৰাত্ৰিৰ উৎসৱৰ আজি তৃতীয়টো দিন । নৱৰাত্ৰি বুলি ক’লেই প্ৰথমে আমাৰ মনলৈ আহে যে আমি কেনে ধৰণৰ বস্ত্ৰ পৰিধান কৰিম কিন্তু এতিয়া আৰু চিন্তাৰ কাৰণ নাই কাৰণ আমি আপোনালোকৰ বাবে লৈ আজি আহিছো বলীউডৰ চেলিব্ৰিটিয়ে পৰিধান কৰা এনে কিছুমান আকৰ্ষণীয় পোচাকৰ বিকল্প যাক আপুনিও এইবাৰ নৱৰাত্ৰিৰ উৎসৱত পৰিধান বা অনুসৰণ কৰিব পাৰে ৷
কাজল আগৰৱালৰ গ্ৰে শাৰীৰ লুক
![celebrity inspired dresses for colour Grey for day 3 of navaratri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-10-2024/22614158_de-2.jpg)
নৱৰাত্ৰিত যদি এক আকৰ্ষণীয় লুক বিচাৰিছে তেন্তে কাজল আগৰৱালৰ দৰে আপুনিও এনেদৰে ধূসৰ ৰঙৰ শাৰীৰ সৈতে ঝুমকা পৰিধান কৰিব পাৰে ৷
আলিয়া ভাটৰ চুৰিদাৰ লুক
![celebrity inspired dresses for colour Grey for day 3 of navaratri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-10-2024/22614158_de-3.jpg)
বহুতে নৱৰাত্ৰিত অলপ পাতল বা আৰামদায়ক বস্ত্ৰ পৰিধান কৰিবলৈ ভাল পায় এনে ক্ষেত্ৰত অভিনেত্ৰী আলিয়া ভাটে পৰিধান কৰা ধূসৰ ৰঙৰ এই চুৰিদাৰ নৱৰাত্ৰিত আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে ৷
মাধুৰী দীক্ষিতৰ চাৰ্ট আৰু পেন্ট লুক
![celebrity inspired dresses for colour Grey for day 3 of navaratri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-10-2024/22614158_de-4.jpg)
নিউড মেকআপৰ সৈতে অভিনেত্ৰী মাধুৰী দীক্ষিতে পৰিধান কৰা এই চাৰ্ট আৰু পেন্টৰ লুক এইবাৰ নৱৰাত্ৰিত পৰিধান কৰিবৰ বাবে এক পৃথক বিকল্প হ’ব পাৰে ৷ এইবাৰ নৱৰাত্ৰিত আপুনিও মাধুৰী দীক্ষিতৰ দৰে এই চাৰ্ট আৰু পেন্টৰ লুক অনুসৰণ কৰিব পাৰে ৷
পৰিণীতি চোপ্ৰাৰ চিল্ক শাৰীৰ লুক
![celebrity inspired dresses for colour Grey for day 3 of navaratri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-10-2024/22614158_de-5.jpg)
যদি কোনো ন কইনাৰ বাবে এয়া প্ৰথম নৱৰাত্ৰি বা যদি আপুনি এটি ৰয়েল লুক বিচাৰিছে তেন্তে পৰিণীতি চোপ্ৰাই পৰিধান কৰা এই ধূসৰ ৰঙৰ ৱৰ্ক কৰা চিল্ক শাৰীৰ সৈতে দুপাট্টা, চূড়া, সেন্দুৰৰ সৈতে প্ৰদৰ্শ কৰা এই লুক অনুসৰণ কৰিব পাৰে ৷
মালাইকা অৰোৰাৰ ক্লাচি শাৰীৰ লুক
![celebrity inspired dresses for colour Grey for day 3 of navaratri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-10-2024/22614158_de-6.jpg)
মালাইকা অৰোৰাৰ এই ক্লাচি ধূসৰ ৰঙৰ শাৰীৰ সৈতে ডিঙিত এনে হেভি নেকচলেচ নৱৰাত্ৰিত পৰিধান কৰিবৰ বাবে এটি উত্তম বিকল্প হ’ব পাৰে ৷
তাৰা চুতাৰিয়াৰ জৰ্জেট শাৰীৰ লুক
![celebrity inspired dresses for colour Grey for day 3 of navaratri](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-10-2024/22614158_de-1.jpg)
তাৰা চুতাৰিয়াই পৰিধান কৰা এই গ্ৰে জৰ্জেট চেকুইনছ বলীউড শাৰী নৱৰাত্ৰিত পৰিধান কৰিলে আপোনাক খুবেই আকৰ্ষণীয় দেখাব ৷