ৰঙিয়া,7 জুন : এইচ এণ্ড কে প্ৰাইভেট লিমিটেডে(H&K private limited) বিশেষভাৱে সক্ষম লোকলৈ দেওবাৰে সহায়ৰ হাত আগবঢ়ায় । এইক্ষেত্ৰত এইচ এণ্ড কে নামৰ ব্যৱসায়িক প্ৰতিষ্ঠনটোক স্বেচ্ছাসেৱী সংগঠন জনকল্যাণ কমিটিয়ে সহায় কৰে । স্বেচ্ছাসেৱী সংগঠনটোৱে ক্ষেত্ৰভিত্তিক পৰ্যালোচনা কৰি বিশগৰাকী লোকক এইক্ষেত্ৰত সাহায্য আগবঢ়াই কিছু খাদ্য সামগ্ৰীৰ লগতে ক’ভিড 19 ৰ পৰা সুৰক্ষাৰ পাবলৈ মাস্ক আৰু চেনিটাইজাৰ যোগান ধৰে ।
উল্লেখযোগ্য যে, গৰীৱ নন্দন জনকল্যাণ কমিটিয়ে বিশেষভাৱে সক্ষম লোকসকলৰ হকে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে । এইচ এণ্ড কে প্ৰাইভেট লিমিটেডে(H&K private limited) প্ৰথম লক ডাউনৰ সময়ৰ পৰা বৰ্তমানলৈ সমাজৰ বিভিন্ন স্তৰৰ ৰাইজক সহায়ৰ হাত আগবঢ়াই আহিছে ।
লগতে পঢ়ক : কৰিমগঞ্জত বনাঞ্চল উচ্ছেদক লৈ শাসক বিৰোধীৰ বিৰ্তক