ETV Bharat / state

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি গণ সত্যাগ্ৰহ - প্ৰতিবাদী ধ্বনিত উত্তাল হ'ল ধুবুৰী

বুধবাৰে সমগ্ৰ অসমৰ লগতে বিভিন্ন সংগঠনৰ প্ৰতিবাদী ধ্বনিত উত্তাল হ'ল ধুবুৰী জিলা। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় গণ সত্যাগ্ৰহ কাৰ্যসূচী ৷

gana satyagrah
ৰাজ্যৰ বিভিন্ন স্থানত সত্যাগ্ৰহ কাৰ্যসূচী
author img

By

Published : Dec 18, 2019, 7:30 PM IST

ধুবুৰী, দক্ষিণ কামৰূপ, 18 ডিচেম্বৰঃ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৷ বুধবাৰে সমগ্ৰ অসমৰ লগতে বিভিন্ন সংগঠনৰ প্ৰতিবাদী ধ্বনিত উত্তাল হ'ল ধুবুৰী জিলা। ধুবুৰী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ শতাধিক কৰ্মকৰ্তাই ধুবুৰী ঝগৰাৰ পাৰ ষ্টেডিয়ামত দিনৰ এঘাৰ বজাৰ পৰা তিনি বজালৈ ৰূপায়ণ কৰে চাৰি ঘন্টীয়া গণ সত্যাগ্ৰহ কাৰ্যসূচী ৷ প্ৰতিবাদী সভা অনুষ্ঠিত কৰি ঝগৰাৰ পাৰ ষ্টেডিয়ামৰ পৰা এখন প্ৰতিবাদী সমদল উলিওৱা হয় যদিও এই সমদলৰ বাবে অনুমতি প্ৰদান নকৰে প্ৰশাসনে । ইয়াৰ বাবে বিশাল প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতা কৰ্মী সকলক কিছু সময়ৰ বাবে আৱদ্ধ কৰি ৰাখে প্ৰশাসনৰ লোকে । কিন্তু কিছু সময় প্ৰতিবাদকাৰীসকলক আৱদ্ধ কৰি ৰাখে যদিও প্ৰতিবাদী কাৰ্যসূচী সমাপ্ত হোৱাৰ পিছত মোকলাই দিয়ে প্ৰতিবাদকাৰীসকলক ।

ৰাজ্যৰ বিভিন্ন স্থানত সত্যাগ্ৰহ কাৰ্যসূচী

সেইদৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় গণ সত্যাগ্ৰহ কাৰ্যসূচী ৷ দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা গণ সত্যাগ্ৰহত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি নাগৰিকত্ব সংশোধনী বাতিলৰ দাবী জনোৱাৰ লগতে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গান দিয়ে । এই গণ সত্যাগ্ৰহত ছাত্ৰ সমাজৰ উপৰিও দক্ষিণ কামৰূপ শিক্ষক কৰ্মচাৰী সন্থা,পলাশবাৰী সাহিত্য সভা, নাগৰিকত্ব সংশোধনী আইন বিৰোধী বৃহত্তৰ নাগৰিক সমাজকে আদি কৰি বিভিন্ন দল-সংগঠনে অংশগ্ৰহণ কৰে । লগতে মিৰ্জাৰ শ্বহীদ ভৱনৰ পৰা মিৰ্জা মামনি ৰয়চম গোস্বামী চ'ক হৈ পলাশবাৰী চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সমদল উলিয়াই চক্ৰ বিষয়াৰ জড়িয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে । লগতে যেতিয়ালৈকে চৰকাৰে এই জাতিধ্বংসী আইন বাতিল নকৰে তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ।

লগতে পঢ়কঃৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণ সত্যাগ্ৰহ

Intro:জাতিধ্বংসী কা'ৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে উত্তাল প্ৰতিবাদ। আজি ধুবুৰী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ত্ৰিশ টা জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ গণ সত্যাগ্ৰহ কাৰ্য্যসূচীৰে প্ৰতিবাদ।

Body:

সমগ্ৰ অসমৰ লগতে ধুবুৰীও উত্তাল হল বিভিন্ন সংগঠনৰ প্ৰতিবাদী ধ্বনিত। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্য তথা দেশত প্ৰতিবাদৰ জুই জ্বলি থকাৰ সময়তে আজি ধুবুৰীতো গণ সত্যাগ্ৰহ কাৰ্য্যসূচীৰে কা'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়। আজি ধুবুৰী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ শতাধিক কৰ্মকৰ্তাই ধুবুৰী ঝগৰাৰ পাৰ ষ্টুডিয়াম খেল পথাৰত দিনৰ এঘাৰ বজাৰ পৰা তিনি বজালৈ চাৰি ঘন্টিয়া গণ সত্যাগ্ৰহ কাৰ্য্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদী সভা অনুষ্ঠিত কৰি খেল পথাৰৰ পৰা এখন প্ৰতিবাদী সমদল উলিওৱা হয় যদিওঁ প্ৰশাসনে অনুমতি প্ৰদান নকৰে। ইয়াৰ বাবে বিশাল প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতা কৰ্মী সকলক কিছু সময়ৰ বাবে আবদ্ধ কৰি ৰাখে। উল্লেখযোগ্য যে, যিকোনো উপায়েৰে কা বাতিল কৰাৰ দাবী উত্থাপন কৰা হয়। অৱশ্যে প্ৰশাসনিক ভাবে কিছু সময় আবদ্ধ কৰি ৰখাৰ সময়তে প্ৰতিবাদী কাৰ্য্যসূচী সমাপ্ত হোৱাৰ পিছত প্ৰশাসনে মোকললাই দিয়ে প্ৰতিবাদকাৰী সকলক।

Byte:- প্ৰতিবাদকাৰী।

Conclusion:উল্লেখযোগ্য যে, কা বাতিল কৰা নহলে ধাৰাবাহিক ভাবে গণতান্ত্ৰিক আন্দোলন অব্যাহত থাকিব বুলি আছুকে ধৰি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনে সকীয়াই দিয়ে চৰকাৰক।

ধুবুৰীৰ পৰা সাহানুৰ ইছলাম, ইটিভি ভাৰত, অসম।।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.