ETV Bharat / state

ৰঙিয়াত ইউক্লিড গ্ৰপ অৱ ইনষ্টিটিউচনচৰ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ

কৰ’ণা ভাইৰাছৰ দ্বিতীয়টো জোৱাৰে আতংকৰ সৃষ্টি কৰাৰ সময়তে ৰঙিয়াত ইউক্লিড গ্ৰপ অৱ ইনষ্টিটিউচনচ নামৰ এটা প্ৰতিষ্ঠানে সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লগতে বিনামূলীয়াকৈ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে ৷ ৰঙিয়াৰ ইউক্লিড গ্ৰপ অৱ ইনষ্টিটিউচনচৰ এই পদক্ষেপক সকলোৱে শলাগ লৈছে ৷

author img

By

Published : Apr 23, 2021, 2:07 PM IST

ৰঙিয়াত ইউক্লিড গ্ৰপ অৱ ইনষ্টিটিউচনচৰ বিনামূলীয়াকৈ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ

ৰঙিয়া, 23 এপ্ৰিল : কৰ’ণা ভাইৰাছৰ দ্বিতীয়টো জোৱাৰে আতংকৰ সৃষ্টি কৰাৰ সময়তে ৰঙিয়া ইউক্লিড গ্ৰপ অৱ ইনষ্টিটিউচনচৰ এটা শলাগ ল’বলগীয়া পদক্ষেপ ৷ ৰঙিয়াৰ এই প্ৰতিষ্ঠানটোৰ সদস্যসকলে সাধাৰণ ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লগতে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে ৷

ৰঙিয়া নগৰৰ ঐতিহাসিক কৃষক ভৱনৰ সন্মুখত, ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমীপত, ৰঙিয়া হাইৱে চকত মাস্ক বিতৰণ কৰি ৰঙিয়াৰ ইউক্লিড গ্ৰপ অৱ ইনষ্টিটিউচনচৰ সদস্যসকলে ৰাইজক কৰ’ণা মহামাৰীৰ পৰা সজাগ কৰিবলৈ চেষ্টা কৰাৰ লগতে সকলো পথচাৰী, যাত্ৰীক চেনিটাইজ কৰাৰ বাবে চেনিটাইজাৰৰ যোগান ধৰে । বৃহত্তৰ অঞ্চলটোৰ প্ৰায় পাঁচ শ লোকৰ মাজত বিনামূলীয়াকৈ মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে ৰঙিয়াৰ ইউক্লিড গ্ৰপ অৱ ইনষ্টিটিউচনচে ৷

উল্লেখ্য যে, ৰঙিয়াৰ কেইবাজনো লোকৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰা পাছত ৰাইজৰ মাজত বৰ্তমান আতংকময় পৰিবেশে বিৰাজ কৰিছে । ইয়াৰ মাজতে সচেতন মহলে ক’বলৈ চেষ্টা কৰিছে যে অকল মহকুমা প্ৰশাসন অথবা আৰক্ষী দেখিলে মাস্ক পিন্ধিবলৈ চেষ্টা কৰাৰ সলনি সচাকৈয়ে সকলোৱে সজাগ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে । যদি সঁচাকৈয়ে এইসকল লোকে এনেকৈ মাস্ক পৰিধান নকৰাকৈ বা সামাজিক দূৰত্ব মানি নচলাকৈ উলাই আহে তেন্তে নিজৰ লগতে নিজৰ পৰিয়ালটোৰো জীৱনলৈ নমাই আনিব পাৰে মাৰাত্মক ক'ভিড 19 ৰোগ ।
লগতে পঢ়ক : কৰ’ণা প্ৰতিষেধক ল’বলৈ বাক্সাত ৰাইজৰ হেতা-ওপৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.