ETV Bharat / state

ৰঙিয়াত চাৰিগৰাকীৰ দেহত কোভিড-19 পজিটিভ - ৰঙিয়া মহকুমা

ৰঙিয়া মহকুমাত বৃহস্পতিবাৰৰ দিনটোত চাৰি জনৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ কথা সদৰি কৰে স্বাস্থ্য বিভাগে । আক্ৰান্ত কেইজন হৈছে ক্ৰমে কলমনিৰ মনেশ্বৰ নাথ ,বাৰাংহাতীৰ দুজন কনিকা কলিত (৪৩) ,প্ৰাণজ্যিত কলিতা (২৬)আৰু ৰিংকু বৈশ্য।

four more covid-19 positive case at rangia
ৰঙিয়াত চাৰিগৰাকীৰ দেহত কোভিড-19 পজিটিভ
author img

By

Published : Jul 2, 2020, 9:58 PM IST

ৰঙিয়া,2জুলাইঃ ৰঙিয়া মহকুমাত বৃহস্পতিবাৰে পুনৰ ৪ জনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে । ৰঙিয়াৰ পিতাম্বৰ হাটবজালিৰ ৰিংকু বৈশ্য নামৰ যুৱক এজনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে। প্রায় ১২ দিন পূৰ্বে যুৱকজন জ্বৰত আক্ৰান্ত হৈছিল তাৰপিছত দিছপুৰ লাষ্ট গেটত ২৪ জুনত কোভিড-১৯ পৰীক্ষাৰ বাবে যুৱকজনৰ পৰা স্ৱাৱ সংগ্ৰহ কৰা হৈছিল । ২৭ জুনত যুৱকজনক নিজ বাসগৃহত উপস্থিত হোৱাত হোম কোৱাৰেণ্টাইন কৰা হৈছিল। বৃহস্পতিবাৰে পৰীক্ষাৰ ফলাফল পজিটিভ অহাৰ লগে লগে স্বাস্থ্য বিভাগৰ দল এটা আহি শিঙিমাৰিৰ কোভিড চিকিৎসালয়লৈ ৰি‌ংকু বৈশ্যক প্ৰেৰণ কৰে ।

ৰঙিয়াত চাৰিগৰাকীৰ দেহত কোভিড-19 পজিটিভ

ইপিনে স্বাস্থ্য বিভাগৰ বিষয়াই জানিবলৈ দিয়া মতে ৰিংকু বৈশ্যকে ধৰি ৰঙিয়া মহকুমাত বৃহস্পতিবাৰৰ দিনটোত চাৰি জনৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাৰ কথা সদৰি কৰে। আক্ৰান্ত বাকী কেইজন হৈছে ক্ৰমে কলমনিৰ মনেশ্বৰ নাথ , বাৰাংহাতীৰ দুজন কনিকা কলিত (৪৩) ,প্ৰাণজ্যিৎ কলিতা (২৬) । এই লোক কেইজনকো স্বাস্থ্য বিভাগৰ দলে কোভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰে । প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীয়ে এই ঘৰ কেইটা ইতিমধ্যে কন্টেইনমেন্ট জ‘ন হিচাপে ঘোষণা কৰিছে ।

উল্লেখযোগ্য যে, অসমত এতিয়া কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে গৈ 8955 গৰাকী ৷ এতিয়ালৈ আৰোগ্য হৈ উঠিছে 5831 গৰাকী লোক ৷ আনহাতে ৰাজ্যখনত বৰ্তমানলৈকে 12 জন লোকৰ কোভিডত মৃত্যু হৈছে ৷ ৰাজ্যখনত এতিয়াও সক্ৰিয় হৈ আছে মুঠ 3109 টা ঘটনা ৷ 1 জুলাইত ৰাজ্যখনত মুঠ 548 টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহে ৷

লগতে পঢ়কঃ শিক্ষয়িত্ৰীৰ হাতৰ পৰা ম'বাইল কাঢ়ি এজনৰ বিলৈ...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.