ETV Bharat / state

Raids in Saw mill: বন বিভাগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কাঠ মিলৰ স্বত্বাধিকাৰীৰ - Allegations against the forest department

উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপত্ৰ থকা ব্যৱসায়িক প্ৰতিষ্ঠানত বন বিভাগৰ অভিযান । অভিযানত জব্দ কৰে এটা কাঠ ফলা মিল । বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে জব্দ কৰা কাঠ মিলটোৰ স্বত্বাধিকাৰীয়ে ।

Forest department raids saw mill in Rangia
বন বিভাগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কাঠ মিলৰ স্বত্বাধিকাৰীৰ
author img

By ETV Bharat Assamese Team

Published : Aug 25, 2023, 8:30 PM IST

বন বিভাগৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কাঠ মিলৰ স্বত্বাধিকাৰীৰ

ৰঙিয়া,২৫ আগষ্ট: উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপত্ৰ থকা ব্যৱসায়িক প্ৰতিষ্ঠানত বন বিভাগৰ অভিযান । ৰঙিয়াৰ কলেজ গেটৰ সমীপত থকা এম এছ বিজয় ফৰেষ্ট প্ৰডিউচ টিম্বাৰ ট্ৰেডিং ডিপোটত বন বিভাগৰ অভিযান । বন বিভাগে জব্দ কৰে এটা কাঠফলা মিল । উত্তৰ কামৰূপ বন-সংমণ্ডলৰ এই অভিযানৰ পিছতে বন বিভাগৰ বিৰুদ্ধে ক্ষুদ্ধ হৈছে প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী ভাৰ্গৱ চৌধুৰী ।

সংবাদ মাধ্যমৰ আগত ভাৰ্গৱ চৌধুৰীয়ে আগবঢ়াই কেতবোৰ বিস্ফোৰক মন্তব্য । চিণ্ডিকেটত বিৰুদ্ধে মাত মতাৰ বাবে উত্তৰ কামৰূপ বন-সংমণ্ডলে অনুজ্ঞাপত্ৰ থকা ব্যৱসায়িক প্ৰতিষ্ঠানখনক বলিৰ পঠা সজাইছে বুলি অভিযোগ উত্থাপন কৰে স্বত্বাধিকাৰীগৰাকীয়ে । সকলো অনুজ্ঞাপত্ৰ থকাৰ পিছতো ওপৰ মহলৰ হেচাত জব্দ কৰিছে কাঠফলা মিলটো ।

কাঠফলা মিলটো জোখতকৈ ১২ ইঞ্চি ডাঙৰ দেখুৱাই কোনো চৰকাৰী নথি অথবা ৰচিদ নিদিয়াকৈ বন বিভাগে মেচিনটো জব্দ কৰা বুলি ক্ষোভ প্ৰকাশ কৰে ভাৰ্গৱ চৌধুৰীয়ে । চৌধুৰীয়ে জনোৱা অনুসৰি যোৱা ১৩ আগষ্টত বন বিভাগত চলি থকা ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে ৰঙিয়াৰ সংবাদ মাধ্যমৰ আগত তথ্য দাঙি ধৰিছিল । সমগ্ৰ উত্তৰ পূৱতে গোবিন্দ চৰকাৰ আৰু খনিন তালুকদাৰে চিণ্ডিকেটৰাজ চলোৱাৰ অভিযোগ আনিছিল তেওঁ ।

লগতে কাঠৰ চিণ্ডিকেট সন্দৰ্ভত অসমৰ আৰক্ষী সঞ্চালক প্ৰধানক স্মাৰক পত্ৰ দিয়াৰ পিছতো কোনো সঁহাৰি নোপোৱা বুলি অভিযোগ কৰিছিল উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপ্ৰাপ্ত কাঠ ব্যৱসায়ী সন্থাই । উপায়বিহীন হৈ চিণ্ডিকেটৰাজৰ বিৰুদ্ধে সংবাদ মেল আয়োজন কৰিছিল ।

লগতে উত্তৰ কামৰূপ বন-সংমণ্ডলৰ অনুজ্ঞাপ্ৰাপ্ত কাঠ ব্যৱসায়ী সন্থাই প্ৰতিখন থানাতে গোবিন্দ চৰকাৰ আৰু খনিন তালুকদাৰৰ বিৰুদ্ধে গোচৰ তৰিব বুলি মন্তব্য কৰিছিল । যাৰ পৰিপেক্ষিতত চিণ্ডিকেটৰ বিৰুদ্ধে মাত মতাৰ বাবে অনুজ্ঞাপত্ৰ থকা ব্যৱসায়ীৰ বাবে কাল হ'ল বুলি অভিযোগ উত্থাপন কৰে ভাৰ্গৱ চৌধুৰীয়ে । এই সন্দৰ্ভত কোন সঁচা কোন মিচা সেয়া এতিয়া ৰহস্যৰ আৱৰ্তত ।

লগতে পঢ়ক: 3 people Missing: পৰশুৰামকুণ্ডত সন্ধানহীন একেটা পৰিয়ালৰে তিনি সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.