ৰঙিয়া,9 মাৰ্চঃ নিৰ্বাচনৰ পূৰ্বে কঠোৰ হৈ পৰিছে ৰঙিয়া মহকুমা প্ৰশাসন । জিলা নিৰ্বাচনী বিষয়াৰ নিৰ্দেশমৰ্মে ৰঙিয়াত ফ্লাইং স্কোৱাডৰ তালাচী অভিযান ৷ ৰঙিয়া মহকুমাৰ অন্তৰ্গত ৰঙিয়া আৰু কমলপুৰ সমষ্টিত ১ এপ্ৰিলত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে এই অভিযান চলাইছে ফ্লাইং স্কোৱাডে ।
ফ্লাইং স্কোৱাডৰ এটা দলে প্ৰতিদিনে গাড়ীসমূহত এফালৰ পৰা তন্ন তন্নকৈ চলাই আছে তালাচী । দলটোৱে গাড়ী সমূহত কোনো অবৈধ সামগ্ৰী, নিৰ্ধাৰিত পৰিমাণতকৈ অধিক ধন অথবা সুৰা জাতীয় সামগ্ৰী কঢ়িয়াই নিছে নেকি আদি দিশসমূহ আগত ৰাখি তালাচী অভিযান চলাই থকা হৈছে ।
লগতে পঢ়কঃ সমাগত নিৰ্বাচন: ৰাজ্যত 48 ঘণ্টাত লক্ষাধিক টকা আৰু সুৰা জব্দ