বকো,14 মাৰ্চ: আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰ হৈছে আৰক্ষী প্ৰশাসন ৷ দেওবাৰে কামৰূপ জিলাৰ অন্তৰ্গত বকোত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষী আৰু জিলা প্ৰশাসনে চলাই তালাচী অভিযান ।
নিৰ্বাচনী আয়োগে জাৰি কৰা নিৰ্দেশনামৰ্মে কামৰূপ গ্ৰাম্য জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনৰ নেতৃত্বত কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত যাতে নহয়, সেয়ে জিলাখনৰ চুকে-কোণে আৰম্ভ হৈছে তালাচী অভিযান । ইয়াৰোপৰি জিলা প্ৰশাসনে বকো অঞ্চলত চৰকাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ বেৰ, খুঁটা আদিত ওলোমাই ৰখা বিভিন্ন ৰাজনৈতিক দলসমূহৰ বেনাৰ-পোষ্টাৰ আদি আঁতৰাই পেলাইছে ৷
বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দ্বীপশিখা গগৈয়ে প্ৰকাশ কৰা মতে, বৰ্তমানলৈ বকো অঞ্চলত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই ৷ আৰক্ষী আৰু জিলা প্ৰশাসনে নিৰ্বাচনী বিধি যাতে ভংগ কৰিব নোৱাৰে তাৰ ওপৰত শেনচকু ৰাখিছে ।
লগতে পঢ়ক: সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ সৰ্বানন্দ সোণোৱালৰ