ETV Bharat / state

লক্ ডাউনত বিপৰ্যস্ত 20 গৰাকী ফুল ব্যৱসায়ীৰ জীৱন - কামৰূপ জিলাৰ তীৰ্থ নগৰী হাজোৰ অন্তৰ্গত অভয়পুৰ

ফাঁচী বজাৰৰ এই বিশেষ গলিটোৰ পৰিচয় এওঁলোকৰ পৰাই.. কেবাবিধ নানাৰঙী ফুলে শোভা বৃদ্ধি কৰে এই ফুলৰ গলিটোৰ ৷ দিনটোৰ বাবে সতেজ ফুলবোৰৰ কিনা-বেচা হয় গলিটোত ৷ ফুলৰ মাজতেই জীৱনক উপলব্ধি কৰে এই গলিটোৰ ফুলৰ ব্যৱসায়ীসকলে..

লক্ ডাউনত বিপৰ্যস্ত 20 গৰাকী ফুল ব্যৱসায়ীৰ জীৱন
হাজো
author img

By

Published : Apr 14, 2020, 8:14 PM IST

Updated : Apr 14, 2020, 8:46 PM IST

হাজো, 14 এপ্ৰিলঃ কামৰূপ জিলাৰ তীৰ্থ নগৰী হাজোৰ অন্তৰ্গত অভয়পুৰৰ প্ৰায় 20 জন যুৱকে বিগত 15 বছৰে গাঁঠিৰ ধন ভাঙি 110 বিঘা মাটিত নাৰ্জী ফুলৰ খেতি কৰি আহিছে ৷ এইবেলিও ফুলৰ ব্যৱসায়ে যুৱক কেইজনক সঁহাৰি দিছিল যদিও প্ৰধানমন্ত্ৰীৰ 21 দিনীয়া লক্​ ডাউনৰ ফলত এতিয়া খেতি পথাৰতে শুকাই, সৰি পৰিছে নাৰ্জী ফুলবোৰ ৷ বিগত বৰ্ষৰ ডিচেম্বৰ মাহৰ পৰা 8 মাহে অতি কষ্টৰে নাৰ্জী ফুলৰ খেতি কৰিছিল যুৱক কেইজনে ৷ কিন্তু সময়ৰ ফুল সময়ত বিক্ৰী কৰিব নোৱাৰাৰ লগতে সাৰ-পানী যোগান ধৰিব নোৱাৰ ফলত মৰহি আহিছে ফুলবোৰ ৷ ফুলৰ লগে লগে ক্ৰমাৎ ম্লান পৰিছে কৃষকসকলৰ জীৱন ৷ আনৰ পৰা টকা ধাৰে লৈ খেতি কৰাৰ পাছত টকাখিনি উভতাই দিয়াটো বাদেই সুদ মাৰিবলৈয়ো সক্ষম নহয় যুৱক কেইজন ৷ উল্লেখ্য যে, লক্​ ডাউনৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা ৬ লাখ খেতিয়কক মুখ্যমন্ত্ৰী সা -সজুঁলি যোজনা আচনিৰ অধীনত ৫ হাজাৰকৈ টকা সাহায্য প্ৰদান কৰা হ'ব ৷ ইতিমধ্যে ২৫০০ টকাকৈ মোকলাই দিছে বিত্ত বিভাগে ৷ কিন্তু এই পৰ্যন্ত এটকাও হাতত পৰা নাই এই কৃষকসকলৰ ৷ ফলত অসহায় হৈ বাৰে-বাৰে চৰকাৰৰ আগত হাতযোৰ কৰিছে যুৱক কেইজনে....

Last Updated : Apr 14, 2020, 8:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.