ৰঙিয়া,২৩ জুন: ৰাজ্যজুৰি বানে সৃষ্টি কৰিছে ভয়ংকৰ পৰিৱেশৰ(Flood situation in Assam) । বানত বিধ্বস্ত ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল(Vast areas devastated by floods) । বৰ্তমানেও ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি । অৱশ্যে কোনো কোনো প্ৰান্তত কিছু পৰিমানে পানী কমিছে । কিন্তু পানী কমিলেও কমা নাই বন্যাৰ্তৰ দুৰ্দশা । কিয়নো বলিয়া বানে তচনচ কৰি থৈ গ'ল হেপাহৰে সজা ঘৰখন ।
একেই পৰিৱেশ দেখা গৈছে ৰঙিয়াতো(Flood in Rangia) । ৰঙিয়াৰ বিভিন্ন প্ৰান্তত পানী কমিছে যদিও ঘৰলৈ উভতি গৈ চকুলোৰে বাট নেদেখা হৈছে বানাক্ৰান্ত ৰাইজে । কিয়নো বলিয়া বানে তেওলোকৰ সকলো সা-সম্পত্তি, ঘৰ-দুৱাৰ উটুৱাই নিছে । যাৰ বাবে এতিয়া তীব্ৰ সংকটত ভুগিছে এইসকল বানাক্ৰান্তই । মুকলি আকাশৰ তলতে আশ্ৰয় গ্ৰহণ কৰিব লগা হৈছে বানত সৰ্বস্বান্ত হোৱা ৰাইজে ।
গোহালি সদৃশ পৰিবেশৰ মাজত দিন কটাবলৈ বাধ্য হৈ পৰিছে দৰিদ্ৰ লোকসকলে । কোনোৱে যদি দিন হাজিৰা কৰি নিজৰ সপোনৰ ঘৰখন সাজি লৈছিল, আন কোনোৱে আকৌ এসাঁজ খাই এসাঁজ লঘোনে কিবাকৈ নিজৰ ঘৰখন নিৰ্মাণ কৰিছিল । কিন্তু প্ৰলয়ংকাৰী বানে চকুৰ সন্মুখতে কাঢ়ি নিলে সপোনৰ ঘৰখন । সেয়ে চকুলো তুকি বানত সৰ্বস্বান্ত হোৱা ৰাইজে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত জনাইছে কাতৰ আহ্বান ।
লগতে পঢ়ক: মাছসহ ৩৬ খনকৈ জাল চুৰি আটক দুই চোৰ