ETV Bharat / state

সাহায্য নাই : আশ্ৰয় শিবিৰত হাহাকাৰ কৰিছে বন্যাৰ্তই

author img

By

Published : Jul 16, 2020, 2:56 PM IST

প্ৰলয়ংকাৰী বানৰ ৫ দিন পাচতো চৰকাৰে কোনো সাহায্য প্ৰদান নকৰিলে বানাক্ৰান্তক ৷ কোলাত এমহীয়া কেঁচুৱা লৈ মথাউৰিত আশ্ৰয় লোৱা প্ৰসূতিৰ বাবে নাই খাদ্য, নাই কাপোৰ। বানাক্ৰান্ত ৰাইজে চৰকাৰলৈ আকুল আহ্বান জনাইছে যাতে তেওঁলোকৰ ফালে সহায়ৰ হাত আগবঢ়ায় ।

flood victim have not got relief from govt in rangia
সাহায্য নাই : আশ্ৰয় শিবিৰত হাহাকাৰ কৰিছে বন্যাৰ্তই

ৰঙিয়া, 16 জুলাই : ৰঙিয়া অঞ্চলত পুঠিমাৰী নৈৰ তাণ্ডৱ প্ৰথমে আৰম্ভ হৈছিল বগৰীবাৰীত। মথাউৰি ছিগাৰ পাঁচদিন পাচত অঞ্চলটোৰ বন্যাৰ্তৰ আশ্ৰয় শিবিৰত বৰ্তমান অবৰ্ণনীয় অৱস্থা । প্ৰলয়ংকৰী বানৰ ৫ দিন পাচতো চৰকাৰে কোনো সাহায্য প্ৰদান নকৰিলে বানাক্ৰান্তক। দুই এটা সংগঠনে নিজাববীয়াকৈ কিঞ্চিৎ সাহায্য় প্ৰদানৰ চেষ্টা চলাইছে যদিও সেয়া যথেষ্ট নহয় এইসকল দুৰ্ভগীয়া লোকৰ বাবে।

কোলাত এমহীয়া কেঁচুৱা লৈ মথাউৰিত আশ্ৰয় লোৱা প্ৰসূতিৰ বাবে নাই খাদ্য,নাই কাপোৰ। তিনিদিন অনাহাৰে থকাৰ পাচত সন্তানৰ বাবে কমি গৈছে বুকুৰ অমৃত । ইয়াৰ উপৰিও পুঠিমাৰীৰ বাঢ়নী পানীয়ে মঠাউৰি ছিগি আঠটা পৰিয়ালৰ ঘৰ-দুৱাৰ উটুৱাই নিছে নিজৰ লগত । এই পৰিয়াল কেইটাৰ লগতে ওচৰৰ প্ৰায় শতাধিক পৰিয়ালে ত্ৰিপাল তৰি কোনোমতে আশ্ৰয় লৈছে মঠাউৰিৰ লগতে ওখ ঠাই সমূহত । কিন্তু অস্থায়ীভাৱে সাজি লোৱা এই আশ্ৰয় স্থল সমূহত তীব্ৰ খাদ্য সংকটত ভুগিব লগা হৈছে বানাক্ৰান্ত পৰিয়ালসমূহে।

চৌদিশ পানীৰে প্লাৱিত হৈ থকাৰ পাচতো বিশুদ্ধ খোৱা পানী এটোপা পাবলৈ টান হৈ পৰিছে । অঞ্চলটোত বিদ‍্যুৎ সংযোগ যোৱা কেইদিনধৰি ব‍্যাহত হৈ থকাৰ ফলত নিশা হ'লে পোহৰৰ অভাৱত থাকিব লগা হৈছে আশ্ৰয় শিবিৰৰ লোকসকল । যোগান ধৰা হোৱা নাই শিশুৰ খাদ্য। আনকি পশু খাদ্যৰো অভাৱ হোৱাত পোহনীয়া জন্তুক লৈ চিন্তিত হৈ পৰিছে বন্যাৰ্ত ৰাইজ ৷ তেওঁলোকে চৰকাৰলৈ আকুল আহ্বান জনাইছে যাতে তেওঁলোকৰ ফালে সহায়ৰ হাত আগবঢ়ায় ।

লগতে পঢ়ক : শোচনীয় ৰাজ্যৰ বান পৰিস্থিতিঃ বান-ভূমিস্খলনত মৃত্যু 92 গৰাকীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.